টিহু ৰেল ষ্টেচনত চোৰৰ তাণ্ডৱ ,চৌহদৰ পৰা চোৰে উঠাই লৈ গল বাইক
নলবাৰী ১০ জুলাই (হি.স.)। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৃহত্তৰ টিহু অঞ্চলত চোৰৰ মুক্ত বিচৰনে নিদ্ৰা হৰিছে সাধাৰন জনতাক। এইবাৰ চোৰৰ টাৰ্গেট বাজাজ পালচাৰ টু- টুৱেন্টি বাইক এখন টিহু ষ্টেচনৰ প্লেটফৰ্মৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা হেণ্ডেল লক কৰি থোৱা অবস্থাতে
টিহু ৰেল ষ্টেচনত চোৰৰ তাণ্ডৱ ,চৌহদৰ পৰা চোৰে উঠাই লৈ গল বাইক


নলবাৰী ১০ জুলাই (হি.স.)। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৃহত্তৰ টিহু অঞ্চলত চোৰৰ মুক্ত বিচৰনে নিদ্ৰা হৰিছে সাধাৰন জনতাক। এইবাৰ চোৰৰ টাৰ্গেট বাজাজ পালচাৰ টু- টুৱেন্টি বাইক এখন টিহু ষ্টেচনৰ প্লেটফৰ্মৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা হেণ্ডেল লক কৰি থোৱা অবস্থাতে চুৰি কৰি লৈ যায় , টিহু অঞ্চলৰ বহু লোকৰ তথ্য ভিত্তিক অভিযোগৰ পিছতো নিৰ্বিকাৰ টিহু আৰক্ষী ।

এইবাৰ টিহু ৰেল ষ্টেচনত ৰেল বিভাগৰ কৰ্মচাৰী অঞ্জন তালুকদাৰৰ বাইক খন কালি সন্ধিয়া ৭:৪৫ মিনিটত নিজ কাৰ্যালয়ত কৰ্তব্যৰত সময়ত চোৰে চুৰি কৰি লৈ যায়, উল্লেখযোগ্য যে টিহু ষ্টেচনত নিৰাপত্তাৰ বাবে ৰেল আৰক্ষী নতুবা ৰেল সুৰক্ষা বলৰ কোনো জোৱান নিয়োজিত নোহোৱাৰ বাবে বিভিন্ন সময়ত চুৰি ডকাইটি লগতে বিভিন্ন কুটাঘাটমূলক ঘটনা সংঘটিত হৈ আহিছে , আনহাতে টিহুত বিভিন্ন চুৰি ঘটনাৰ সৈতে জড়িত কোনো চোৰক আৰক্ষীয়ে আজিলৈকে কৰায়ত্ব কৰিব নোবাৰাটো টিহু আৰক্ষীৰ বাবে এক প্ৰকাৰ চেলেঞ্জ হৈ উঠিছে ।

চলিত মাহত দুদিনতে টিহু নগৰ তথা উপকন্ঠ অঞ্চলত চিলনী চোৰে মহিলাৰ ডিঙিৰ পৰা সোণৰ অলংকাৰ কাঢ়ি, নগদ ধন কাঢ়ি লোৱা, চাৰিটা ঘটনা সংঘটিত হোৱাৰ লগতে কেইবাটাও গৰু চোৰ বাইক চোৰৰ ঘটনা সংঘটিত হৈছে । মুঠতে চোৰৰ উপদ্ৰৱ ইমানৰ পিছতো টিহু আৰক্ষীৰ নিৰ্বিকাৰ ভূমিকাক ৰাইজে সন্দেহৰ আঙুলি টোৱাৰ লগতে টিহু অঞ্চলত চোৰক আটক কৰাৰ বাবে জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষী বাহিনীৰ গোপনীয় দল এটি প্ৰেৰণৰ দাবী উঠিছে বৃহত্তৰ টিহু অঞ্চলত ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande