
শোণিতপুৰ, ১০ জুলাই (হি.স.)। বিহালী সমষ্টিৰ বিহমাৰীৰ খৰস্ৰোতা নৈৰ সোঁতত আবদ্ধ ১৫ গৰাকী ব্যৱসায়ী, কথমপি ৰক্ষা পৰিল প্ৰাণ।
অসম-অৰুণাচল সীমান্তৰ বৰমাই বজাৰলৈ যোৱাৰ সময়তে বৃহস্পতিবাৰে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হয় অসমৰ প্ৰায় ১৫ গৰাকী ব্যৱসায়ী । বিহমাৰী নদীৰ খৰস্ৰোতা পানীৰ সোঁতত আবদ্ধ হৈ পৰে ব্যৱসায়ী সকলক লৈ যোৱা এখন ট্ৰেক্টৰ ।
পানীৰ মাজত আবদ্ধ হৈ থকা ট্ৰেক্টৰ খনৰ দৃশ্য আছিল অত্যন্ত ভয়ংকৰ । কথমপি প্ৰাণ ৰক্ষা পৰে ১৫ গৰাকী ব্যৱসায়ীৰ । পৰৱৰ্তী সময়ত স্থানীয় ৰাইজ আৰু অন্যান্য ব্যৱসায়ীৰ তৎপৰতাত ট্ৰেক্টৰ খন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা