
কোকৰাঝাৰ, ১০ জুলাই (হি.স.)। কোকৰাঝাৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৩৩তম দ্বি-বাৰ্ষিক অধিৱেশন আৰু বিটিএডি প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৯ম দ্বি-বাৰ্ষিক অধিৱেশন অহা ১১ আৰু ১২ জুলাই, ২০২৬ তাৰিখে সেৰফাংগুৰী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত হ'ব।অধিৱেশন উপলক্ষে আয়োজকে বিস্তৃত কাৰ্যসূচী ঘোষণা কৰিছে। ১১ জুলাই পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, স্মৃতি তৰ্পণ, প্ৰতিনিধি পঞ্জীয়ন, মুকলি সভা, প্ৰতিনিধি সভা আদি অনুষ্ঠিত হ'ব। ১২ জুলাই প্ৰতিনিধি পঞ্জীয়ন, চাহ-জলপান, মুকলি সভা, সাংগঠনিক কাৰ্যসূচী আৰু নতুন সমিতি গঠনকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ কাৰ্যসূচী অনুষ্ঠিত হ'ব।
অধিৱেশনত শিক্ষক সমাজৰ বিভিন্ন জ্যেষ্ঠ বিষয়া, সংগঠনৰ নেতৃত্ব, আমন্ত্ৰিত অতিথি আৰু প্ৰতিনিধি সকল উপস্থিত থাকিব। শিক্ষা ব্যৱস্থাৰ উন্নয়ন, শিক্ষক সকলৰ সমস্যা-সমাধান, সাংগঠনিক শক্তিশালীকৰণ আৰু ভৱিষ্যৎ কৰ্মপন্থা নিৰ্ধাৰণৰ উদ্দেশ্যে এই অধিৱেশন অনুষ্ঠিত হ'ব বুলি কালি সন্ধিয়া এক সংবাদ মেলৰ জৰিয়তে বিটিএডি প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাধাৰণ সম্পাদক বিকাশ সুৱেদি, কোকৰাঝাৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাধাৰণ সম্পাদক জাকিৰ হুচেইন আৰু আয়োজক সমিতিৰ সভাপতি অবিনাশ চন্দ্র ৰায়ে জানিবলৈ দিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ