
কামৰূপ, ১০ জুলাই (হি.স.)। বাইহাটা চাৰিআলি আৰক্ষীৰ অভিযানত বৃহৎ সফলতা লাভ। অবৈধ ভাৱে সৰবৰাহ কৰা গো ভৰ্তি ৩খন বাহন জব্দ । মঙলদৈৰ পৰা বাইহাটা চাৰিআলি অভিমুখে আহি থকা তিনি খন পিকআপ বাহনত অবৈধ ভাৱে সৰবৰাহ কৰা ২৫ টা গৰু সহ বাহন জব্দ কৰিব সক্ষম হই বাইহাটা চাৰিআলি আৰক্ষীয়ে।
জব্দকৃত বাহনৰ নম্বৰ হৈছে এএছ ০১এনচি ৯৫৮২,এএছ ০১ এলচি ৪১০৬ , এএছ ০১ এনচি ৯৯৩২
তিনিখন বাহনৰ পৰা মুঠ ২৫টা গৰু উদ্ধাৰ কৰাৰ লগতে
চালক আৰু হেণ্ডিমেন আটক কৰে বাইহাটা চাৰিআলি আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা