
ধুবুৰী, ১০ জুলাই (হি.স.)। অসম বংগ সীমান্তৰ আগমনিৰ ছাগলীয়া প্ৰথম খণ্ড গাঁৱৰ যুৱক নিৰুদ্দেশ । বেংগালুৰুৰ পৰা ৰেলগাড়ীৰে কোচবিহাৰলৈ আহি থকা পথত নিৰুদ্দেশ হয় যুৱকজন । যুৱকজন অসম বংগ সীমান্তৰ ছাগলীয়া প্ৰথম খণ্ড গাঁৱৰ শিবুল চন্দ্ৰ ৰায় । শিবুল চন্দ্ৰ ৰায় আৰু একেখন গাঁৱৰে সুৰত জামাল প্ৰায় আঢ়ৈ মাহ পূৰ্বে বেংগালুৰুলৈ ৰাজমিস্ত্ৰী কাম কৰিবলৈ গৈছিল।
ছয় জুলাই তাৰিখে শিবুল আৰু সুৰত জামালে নিউ তিনিচুকীয়া ছুপাৰ ফাষ্ট এক্সপ্ৰেছত ঘৰত অহাৰ সময়ত পশ্চিমবংগৰ মালদা টাউন ষ্টেচনৰ পৰা নিৰুদ্দেশ হয় শিবুল নামৰ ৩৩ বছৰীয়া যুৱকজন । মালদা টাউন ৰেল ষ্টেচনত ভাত খাবলৈ নামি দোকানত আহে দুয়ো। সুৰত জামালে ৰেলত উঠি নিজৰ ছিটত বহে যদিওঁ শিবলু আৰু নাহে নিজ স্থানত। সুৰত জামালে শিবলুৰ নম্বৰত ফোন কৰে যদিও মোবাইল ফোন ছুইছ অফ্ বুলি কয় । আজি শিবুলৰ পৰিয়ালৰ লোকে ছাগলীয়া থানাত শিবুল চন্দ্ৰ ৰায় নিৰুদ্দেশ হোৱাৰ ৰিপোৰ্ট কৰে । কোনো সদাশয় ব্যক্তিয়ে শিবুলৰ কোনো খোজ খবৰ পালে স্থানীয় থানা অথবা 8811039261 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ