
কামৰূপ, ১০ জুলাই (হি.স.)। খোল তাল,নৃত্য গীতেৰে মুখৰিত উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ বাকৰি ।
সত্ৰাধিকাৰ ড০পীতাম্বৰ দেৱ গোস্বামীয়ে ২০১৭ চনতে প্ৰতিষ্ঠা কৰা সত্ৰৰ সত্ৰীয়া নৃত্য আৰু আধ্যাত্মিক কলা নিকেতনত অনুষ্ঠিত হৈছে গ্ৰীষ্মকালীন কৰ্মশালা ।
সপ্তাহজোৰা কৰ্মশালাত প্ৰদান কৰা হৈছে সত্ৰীয়া ওজাপালি আৰু আউনীআটী সত্ৰৰ প্ৰসিদ্ধ নটুৱা নাচৰ প্ৰশিক্ষণ ।
নৱপ্ৰজন্মক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ আৰু দামোদৰ দেৱৰ অনুপম সৃষ্টিৰাজিৰে উদ্বুদ্ধ কৰাৰ প্ৰয়াস কৰা হৈছে কৰ্মশালা খনত ।
কৰ্মশালাত বিভিন্ন বয়সৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে ।
সত্ৰীয়া নৃত্য আৰু আধ্যাত্মিক কলা নিকেতনৰ গুৰু লক্ষী কাকতিৰ তত্বাৱধানত চলি থকা কৰ্মশালাত মাজুলীৰ দুগৰাকী প্ৰশিক্ষকেও অংশগ্ৰহণ কৰিছে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা