
গুৱাহাটী, ১০ জুলাই (হি.স.)। ষষ্ঠদশ অসম বিধানসভাৰ ৬ জুলাইৰ পৰা আৰম্ভ হোৱা বাজেট অধিবেশনৰ আজি শুকুৰবাৰে পঞ্চম দিন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন দ্বিতীয়টো কাৰ্যকালত বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি (১০ জুলাই) বিধানসভাত দাখিল কৰিব ২০২৬-২৭ বৰ্ষৰ পূৰ্ণাংগ বাজেট । সদনত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই দাখিল কৰিব লগা ২০২৬-২৭ বৰ্ষৰ পূৰ্ণাংগ বাজেট খনত জনসাধাৰণৰ আকাংক্ষা প্ৰতিফলিত হোৱাৰ আশা কৰা হৈছে।
উল্লেখ্য যে ৬ জুলাইৰ পৰা আৰম্ভ হোৱা বাজেট অধিবেশন খন ৩১ জুলাই, ২০২৬ লৈকে চলিব। এই অধিবেশনখন ১৬ টা কাৰ্যকৰী দিনৰে গঠিত হৈছে আৰু ইয়াত বহুকেইখন গুৰুত্বপূৰ্ণ বিধেয়ক তথা দাবী সম্পৰ্কে আলোচনা কৰা হ'ব।
প্ৰণিধানযোগ্য যে পঞ্চদশ অসম বিধানসভাৰ অন্তিম বাজেট (লেখানুদান) অধিৱেশনত ১৭ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী অজন্তা নেওগে বিত্তীয় বৰ্ষৰ প্ৰাৰম্ভিক চাৰি মাহ (মাৰ্চৰ পৰা জুন)ৰ বাবে প্ৰয়োজনীয় খৰচ বহন কৰিবলৈ সদনত লেখানুদান উপস্থাপন কৰিছিল। সাধাৰণতে নিৰ্বাচনৰ বৰ্ষত নতুন চৰকাৰ গঠন নোহোৱালৈকে চৰকাৰী কাম-কাজ চলাই নিবলৈ পূৰ্ণাংগ বাজেটৰ পৰিৱৰ্তে এই সাময়িক লেখানুদান গৃহীত কৰা হয়। পূৰ্ণাংগ বাজেট অনুমোদন নোহোৱা পৰ্যন্ত অন্তৱৰ্তীকালীন সময়ৰ বাবে চৰকাৰখনৰ যাতে বিত্তীয় অচলাৱস্থাৰ সৃষ্টি নহয় তাৰ বাবে লেখানুদান (বাজেট) উত্থাপন কৰা হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া