অসম বাজেটক ৰাজ্যৰ ইতিহাসৰ অন্যতম বৃহৎ, সর্বস্পর্শী জনকল্যাণমুখী বাজেট আখ্যা সভাপতি দিলীপ শইকীয়াৰ
গুৱাহাটী, ১০ জুলাই (হি.স.)। ২০২৬-২৭ বৰ্ষৰ বাবে ২০০৭৮২ কোটি টকাৰে ৰাজ্যৰ ইতিহাসৰ অন্যতম বৃহৎ বাজেট দাখিল কৰে বিত্তমন্ত্রী জয়ন্ত মল্ল বৰুৱাই। আজি উত্থাপন কৰা বাজেটে অসমৰ জনসাধাৰণৰ আকাংক্ষাক প্রতিনিধিত্ব কৰিব পৰা এক বাজেট বুলি অভিহিত কৰে বিজেপিৰ ৰাজ্য
বিজেপিৰ দলীয় পতাকা


গুৱাহাটী, ১০ জুলাই (হি.স.)। ২০২৬-২৭ বৰ্ষৰ বাবে ২০০৭৮২ কোটি টকাৰে ৰাজ্যৰ ইতিহাসৰ অন্যতম বৃহৎ বাজেট দাখিল কৰে বিত্তমন্ত্রী জয়ন্ত মল্ল বৰুৱাই। আজি উত্থাপন কৰা বাজেটে অসমৰ জনসাধাৰণৰ আকাংক্ষাক প্রতিনিধিত্ব কৰিব পৰা এক বাজেট বুলি অভিহিত কৰে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। তেওঁ লগতে প্রকাশ কৰে যে এই বাজেটত বিজেপি দলৰ নিৰ্বাচনী প্রতিশ্রুতি সমূহ পূৰণ কৰিব পৰাকৈ এক বিজ্ঞানসন্মত প্রস্তাৱ আগবঢ়োৱা হৈছে।

এই বাজেটৰ মূল দর্শন বিকশিত অসমৰ জৰিয়তে বিকাশৰ নতুন দিগন্তৰ সূচনা কৰা। বিগত বৰ্ষৰ ৰাজ্যৰ জনমুৰি আয় ১৮৫৪২৯ লৈ বৃদ্ধি হৈ এই আয় তিনিগুণতকৈ অধিক বৃদ্ধি পাইছে। এইবাৰৰ বাজেটত নিযুক্তিৰ নতুন দিগন্ত সূচনা কৰি অতিৰিক্ত ২ লাখ নিযুক্তিৰ লক্ষ্য স্থিৰ কৰা হৈছে, লগতে চি এম এএএ ৰ বাবে ৫০০ কোটি টকা ধাৰ্য্য কৰা হয়। সবল আন্তঃগাঁথনি, সবল অসমৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আন্তঃগাঁথনিৰ অধিক উন্নয়নত যোৰ দিছে। আন্তঃগাথনি উন্নয়নৰ বাবে ১০০০০ কোটি টকা আৰু গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ বাবে ৪৯৫৪ কোটি টকা ধার্য্য কৰা হৈছে। অহা ৫ বছৰত ৮০০ কিলোমিটাৰ উন্নত পথ নির্মাণ, বাইহাটা চাৰিআলি-মিছন চাৰিআলি ৪ লেনযুক্ত পথ, গুৱাহাটী বিমান বন্দৰ জালুকবাৰী এলিভেটেড ক'ৰিডৰৰ উপৰিও মৰিগাঁও-দৰং সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত এখন নতুন দলং নিৰ্মাণৰ প্ৰস্তাৱ লোৱা হৈছে।

ছেটেলাইট টাউনশ্বিপৰ বাবে ২১০০ কোটি টকা ধার্য্য আৰু প্ৰতিখন জিলাত ইন্ডাষ্ট্রিয়েল পার্ক গঢ়ি তোলাৰ কথাও এই বাজেটত উল্লেখ কৰা হয়। এই বাজেটত গ্রীণ এনাৰজীৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৭৭৩৫৩ কোটিৰ অধিক বিনিয়োগৰ লক্ষ্যৰে অসমক গ্রীণ এনাৰজী হাব হিচাপে গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰা হৈছে। জলসিঞ্চন আৰু কৃষিৰ সমন্বয় গাঢ় কৰি অহা ৫ বছৰত ৪০০০ কোটিৰ বৃহৎ জলসিঞ্চনৰ কাৰ্যসূচী ধাৰ্য্য কৰা হৈছে। কৃষকৰ আয় বৃদ্ধিৰ লক্ষ্যৰে কৃষি উৎপাদনত বিশেষ গুৰুত্ব প্রদান কৰা হৈছে। সকলো খিলঞ্জীয়াৰ বাবে ভূমিৰ অধিকাৰৰ লক্ষ্যৰে 'মিছন বসুন্ধৰা ৪.০' ২৫ ডিচেম্বৰত পুনৰ আৰম্ভ কৰা হ'ব। ইতিমধ্যে ৩.৫৬ লাখ পৰিয়ালক ভূমিৰ অধিকাৰ প্ৰদান কৰা হৈছে।

আজি দাখিল কৰা বাজেটত অসমৰ স্বাস্থ্য খণ্ডত আৰু ৪ খন নতুন মেডিকেল কলেজ নিৰ্মাণৰ কথা ঘোষণা কৰে। লগতে প্রতিটো সমষ্টিত ৫০ খন বিছনাযুক্ত এম আৰ ইউ আৰু প্ৰতিটো চাব চেন্টাৰত এম বি বি এছ চিকিৎসকৰ উপস্থিতিৰ কথা ঘোষণা কৰে। ইয়াৰোপৰি আজি বাজেটত স্বাস্থ্য বিভাগত ৩৩২৪০ টা নতুন পদ সৃষ্টিৰ কথাও উল্লেখ কৰা হয়। উল্লেখযোগ্য যে শিক্ষাখণ্ডত বৃহৎ সংস্কাৰৰ লক্ষ্যৰে এখন জিলা- এখন বিশ্ববিদ্যালয়ৰ লক্ষ্য স্থিৰ কৰা হয়। লগতে শিৱসাগৰ, জগন্নাথ বৰুৱা, নগাওঁ, উত্তৰ লখিমপুৰ, কোকৰাঝাৰ, বঙাইগাঁও আৰু গুৰুচৰণ বিশ্ববিদ্যালয়লৈ ১০০ কোটি টকাকৈ এই বাজেটত ধাৰ্য্য কৰা হৈছে। অসমক ভাৰতবৰ্ষৰ ভিতৰত টপ ১০ পৰ্য্যটন ৰাজ্য কৰাৰ লক্ষ্যৰে পর্যটন ক্ষেত্রত নতুন বিনিয়োগৰ সূচনা কৰা হয়।

উমৰাংছু, হাফলং আৰু মানাসত একোখনকৈ পঞ্চতাৰকাযুক্ত হোটেল গঢ় দিয়াৰ বাবেও এই বাজেটত স্থিৰ কৰা হয়। চৰকাৰী কৰ্মচাৰীসকলৰ কল্যাণেই জনসেৱাৰ ভেটি” এই মূলমন্ত্ৰৰে উদ্ভুত হৈ অষ্টম দৰমহা আয়োগ লাগু কৰাৰ কথাও আজি বাজেটত ঘোষণা কৰা হয়। লগতে চৰকাৰী কৰ্মচাৰীসকলৰ আপোন ঘৰ আঁচনি ৫ বছৰ সম্প্ৰসাৰণ কৰাৰ লগতে ঋণৰ সীমা ৫০ লাখলৈ বৃদ্ধি কৰা হয়। অসমৰ ঐতিহাসিক ক্ষেত্ৰ ৰংঘৰ, কাৰেংঘৰ আদিৰ সংৰক্ষণ আৰু সত্ৰ আয়োগ গঠনৰ কথাও এই বাজেটত উল্লেখ কৰা হয়। চাহ জনগোষ্ঠীৰ সর্বাংগীন উন্নয়নৰ লক্ষ্যৰে ১.১৪ লাখ চাহ বাগিচাৰ পৰিয়ালক ভূমি অধিকাৰ প্ৰদান আৰু এগ্ৰিকালচাৰ ইনকাম টেক্স চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবেই ব্যয় কৰাৰ বাবে ধাৰ্য্য কৰা হয় বুলিও সভাপতিগৰাকীয়ে কয়।

ইফালে আজি ৰাজ্যিক কাৰ্যালয়ত বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলে এই বাজেটৰ পোনপটীয়া সম্প্ৰচাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande