
জম্মু, ১০ জুলাই (হি.স.)। দক্ষিণ কাশ্মীৰ হিমালয়ত থকা গুহা মন্দিৰৰ দুটা বেছ কেম্পৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাৰ মাজতে শুকুৰবাৰে জম্মুৰ ভাগৱতী নগৰ যাত্ৰী নিৱাস বেছ কেম্পৰ পৰা ৮৫০০ৰো অধিক তীৰ্থযাত্ৰীৰ নৱম গোটটো ৰাওনা হয়।
বিষয়াসকলে জনোৱা মতে, লঘু আৰু গধুৰ বাহনকে ধৰি ৩৫৪খন বাহনৰ কনভয়ত আজি পুৱা জম্মু বেছ কেম্পৰ পৰা ৮৭৯৬ গৰাকী তীৰ্থযাত্ৰী ৰাওনা হয়। এই বেটচত বাল্টলৰ বাবে ৩৪৫০জন আৰু পহলগামৰ বাবে ৫৩৪৬জন তীৰ্থযাত্ৰী আছিল। বহুস্তৰীয় নিৰাপত্তাৰক্ষীৰ আৱৰণত তেওঁলোকে তীৰ্থযাত্ৰাত নামি পৰে। অসামৰিক প্ৰশাসন, আৰক্ষী, নিৰাপত্তা বাহিনী, আৰু শ্ৰী অমৰনাথ শ্ৰাইন ব’ৰ্ডে যৌথভাৱে নিৰাপদ আৰু মসৃণ তীৰ্থযাত্ৰা নিশ্চিত কৰাৰ ব্যৱস্থা কৰিছিল।
যাত্ৰা আৰম্ভ হোৱাৰ পাছৰে পৰা বিগত ৭ দিনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ১ লাখ ৭১ হাজাৰ ৫০১ গৰাকী তীৰ্থযাত্ৰীয়ে গুহা মন্দিৰটো পৰিদৰ্শন কৰিছে। জম্মু-কাশ্মীৰ প্ৰশাসনে তীৰ্থযাত্ৰীসকলক কেৱল নিশ্চিত পঞ্জীয়ন লৈ আৰু যাত্ৰাৰ নিৰ্ধাৰিত তাৰিখতহে যাত্ৰা কৰিবলৈ আহ্বান জনাইছে, কিয়নো পঞ্জীয়ন নথকা কোনো তীৰ্থযাত্ৰীক বেছ কেম্পলৈ যাবলৈ দিয়া নহ’ব।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ