
শোণিতপুৰ, ১০ জুলাই (হি.স.)। শ্বহীদ নগৰী ঢেকিয়াজুলিত দেশৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ ৰতন কছাৰী পথৰ নাম সলনি কৰাৰ বিৰুদ্ধে তেজপুৰত এআইডিএছঅ’ই আজি প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখযোগ্য যে, যোৱা দুই জুলাইত ঢেকিয়াজুলি বাতাচীপুৰ সংযোগী পথটোৰ পূৰ্বৰ নাম ছহিদ ৰতন কছাৰী পথ সলনি কৰি ঢেকিয়াজুলি পৌৰসভাই স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী অশোক সিংহলৰ দ্বাৰা ড° শ্যামা প্ৰসাদ মুখাৰ্জী পথ হিচাপে নামকৰণ কৰিছিল ৷ সম্প্ৰতি এইলৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
আনহাতে ১৯৪২ চনৰ ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনৰ ৰতন কছাৰীৰ নামত থকা ঢেকিয়াজুলি- বাতাচিপুৰ সংযোগী পথটো শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নামেৰে পৰিবৰ্তন কৰাৰ বিৰুদ্ধে আজি তেজপুৰত প্ৰতিবাদ সাব্যস্ত কৰে অল ইণ্ডিয়া ডেম’ক্ৰেটিক ষ্টুডেন্টছ অৰ্গেনাইজেছনৰ শোণিতপুৰ জিলা সমিতিয়ে । ছাত্র সংগঠনটোৰ উদ্যোগত তেজপুৰৰ নিকামূল চাৰিআলিত আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰতিবাদকাৰী এআইডিএছঅ’ৰ কৰ্মী-সমৰ্থকসকলে বিজেপি চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি শ্ল’গান দিয়ে । তেওঁলোকে, ব্ৰিটিছৰ গুলীত প্ৰাণ আহুতি দিয়া ঢেকিয়াজুলিৰ ছহিদ ৰতন কছাৰীৰ নামত থকা পথৰ নাম পৰিবৰ্তন কৰি শ্যামাপ্ৰসাদ মুখাৰ্জী পথ কৰা নচলিব, দেশৰ স্বাধীনতা আন্দোলনৰ মহান ব্যক্তিসকলক বিজেপি দল আৰু চৰকাৰে কৰা অপমানৰ বিৰুদ্ধে গৰজি উঠক আদি ধ্বনি দিয়ে ৷
প্ৰতিবাদী কাৰ্যসূচীত বক্তব্য ৰাখি এআইডিএছঅ’ৰ ৰাজ্যিক কাউন্সিলৰ সদস্য তথা শোণিতপুৰ জিলা সমিতিৰ সভাপতি নয়ন মনি চৌধুৰীয়ে কয়, ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ বিৰোধিতা কৰা আৰু ব্ৰিটিছ সাম্ৰাজ্যবাদক সহায় কৰা হিন্দু মহাসভাৰ নেতা শ্যামাপ্ৰসাদ মুখাৰ্জীক বিজেপি দল আৰু চৰকাৰে মহান সজোৱাৰ বাবে বৃটিছ সাম্ৰাজ্যবাদীৰ বিৰুদ্ধে আন্দোলনত আত্মবলিদান দিয়া মহান শ্বহীদ ৰতন কছাৰী নামত থকা পথটো শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নামেৰে নামকৰণ কৰা চৰকাৰৰ এই কাৰ্যক ধিক্কাৰ জনাবলৈ কোনো ভাষাই যথেষ্ট নহয় । চৰকাৰৰ এই অপচেষ্টা অসমৰ সচেতন ৰাইজে কেতিয়াও সফল হ’বলৈ নিদিয়ে । চৌধুৰীয়ে অবিলম্বে ৰাজ্য চৰকাৰক উক্ত পথৰ নাম শ্বহীদ ৰতন কছাৰীৰ নামত পুনৰ নামাংকিত কৰাৰ দাবী জনায়।
ইপিনে ঢেকিয়াজুলিৰ এই কাৰ্যকলৈ এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত ঢেকিয়াজুলি পৌৰসভাই একেটা পথকে দুটা ভাগত বিভক্ত কৰি এটা অংশৰ নাম ড° শ্যামা প্ৰসাদ মখাৰ্জী আৰু আন এটা অংশ শ্বহীদ ৰতন কছাৰীৰ নামেৰে ৰখাৰে কৌশল ৰছনা কৰি ঘটনাটো গাঁপ দিয়াৰ কৌশল ৰছনা কৰিছে ৷ কিন্তু যোৱা দুই জুলাইত পথটো শ্যামাপ্ৰসাদ মুখাৰ্জী ৰ নামেৰে নামকৰণ কৰি পাছত মন্ত্ৰী অশোক সিংহলেই সামাজিক মাধ্যমত ঢেকিয়াজুলি বাতাচীপুৰ পথটো সেই নামেৰে নামকৰণ কৰাৰ কথা স্পষ্টকৈ প্ৰকাশ কৰিছিল ৷ আনহাতে বিষয়টোকলৈ কালি ঢেকিয়াজুলি এবছুৱেও এক সংবাদমেল অনুষ্ঠিত কৰি শ্বহীদ ৰতন কছাৰী পথটোৰ নাম সলনি কৰাত ক্ষোভ প্ৰকাশ কৰিছিল ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ