বৰপেটাত ভয়ংকৰ ভাৱে বৃদ্ধি এইডছত আক্ৰান্ত লোকৰ সংখ্যা
বৰপেটা, ১০ জুলাই (হি.স.)। বৰপেটাত ভয়ংকৰ ভাৱে বৃদ্ধি পাইছে এইডছ(AIDS)ত আক্ৰান্ত লোকৰ সংখ্যা। চিন্তিত সচেতন মহল। সমগ্ৰ অসমতে ক্ৰমাৎ বৃদ্ধি পাইছে এইডছত আক্ৰান্ত ৰোগীৰ সংখ্যা । বৰপেটা জিলাতো উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে এইচআইভি সংক্ৰমণৰ ঘটনা। বৰ্তমান বৰ
বৰপেটাত ভয়ংকৰ ভাৱে বৃদ্ধি এইডছত আক্ৰান্ত লোকৰ সংখ্যা


বৰপেটা, ১০ জুলাই (হি.স.)। বৰপেটাত ভয়ংকৰ ভাৱে বৃদ্ধি পাইছে এইডছ(AIDS)ত আক্ৰান্ত লোকৰ সংখ্যা। চিন্তিত সচেতন মহল। সমগ্ৰ অসমতে ক্ৰমাৎ বৃদ্ধি পাইছে এইডছত আক্ৰান্ত ৰোগীৰ সংখ্যা । বৰপেটা জিলাতো উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে এইচআইভি সংক্ৰমণৰ ঘটনা। বৰ্তমান বৰপেটা জিলাত মুঠ ৫৩৯ গৰাকী এইডছ ৰোগত আক্ৰান্ত লোক আছে।

পূৰ্বৰ তুলনাত এই সংখ্যা যথেষ্ট বৃদ্ধি পাইছে ।বৰপেটা জিলাৰ অতিৰিক্ত মুখ্য স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ অজিত কুমাৰ শৰ্মাই জনোৱা অনুসৰি এই সংক্ৰমণ বৃদ্ধিৰ আঁৰত কেইবাটাও কাৰণ আছে। বিশেষকৈ একেটা বেজী ব্যৱহাৰ কৰি ড্ৰাগছ গ্ৰহণ, অসুৰক্ষিত যৌন সম্পৰ্ক আৰু সংক্ৰমিত তেজৰ সঞ্চালন এইচআইভি সংক্ৰমণৰ অন্যতম মুখ্য কাৰণ বুলি তেওঁ উল্লেখ কৰে।

তেওঁ জনসাধাৰণক উক্ত ক্ষেত্ৰসমূহত সৰ্বাধিক সাৱধানতা অৱলম্বন কৰাৰ আহ্বান জনোৱাৰ লগতে অভিভাৱক সকলক নিজৰ সন্তানৰ ওপৰত অধিক নজৰ ৰাখিবলৈ অনুৰোধ জনায়, যাতে ল'ৰা-ছোৱালী ড্ৰাগছ আদি নিচাজাতীয় দ্ৰব্যৰ কবলত নপৰে। ইফালে, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, বৰপেটা জিলাৰ মিডিয়া বিশেষজ্ঞ আমিৰুল হকে জনোৱা অনুসৰি, এইছআইভি/এইডছ সম্পৰ্কে জনসচেতনতা বৃদ্ধি আৰু সংক্ৰমণ ৰোধৰ লক্ষ্যৰে স্বাস্থ্য বিভাগে ৪টা এনজিঅৰ সহযোগত জিলাখনৰ বিভিন্ন অঞ্চলত সজাগতা অভিযান অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande