প্ৰৱঞ্চনাৰে তেজপুৰৰ পৰা ৫৮লাখ টকাৰ গহণা লৈ উধাও হোৱা মহিলাক আহমেদাবাদত গ্ৰেপ্তাৰ
শোণিতপুৰ, ১০ জুলাই (হি.স.)। শোণিতপুৰ জিলাৰ তেজপুৰৰ গহণা প্ৰতিষ্ঠানৰ পৰা ৫৮ লাখ টকা মূল্যৰ গহণা চেক যোগে মূল্য আদায় দিয়াৰ নামত প্ৰৱঞ্চনাৰে লৈ উধাও হোৱা এগৰাকী মহিলাক তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে, এম এছ অঞ্জনা গ’ল্ড আৰু
প্ৰৱঞ্চনাৰে তেজপুৰৰ পৰা ৫৮লাখ টকাৰ গহনা লৈ উধাও হোৱা মহিলাক গ্ৰেপ্তাৰ আহমেদাবাদত


প্ৰৱঞ্চনাৰে তেজপুৰৰ পৰা ৫৮লাখ টকাৰ গহনা লৈ উধাও হোৱা মহিলাক গ্ৰেপ্তাৰ আহমেদাবাদত


শোণিতপুৰ, ১০ জুলাই (হি.স.)। শোণিতপুৰ জিলাৰ তেজপুৰৰ গহণা প্ৰতিষ্ঠানৰ পৰা ৫৮ লাখ টকা মূল্যৰ গহণা চেক যোগে মূল্য আদায় দিয়াৰ নামত প্ৰৱঞ্চনাৰে লৈ উধাও হোৱা এগৰাকী মহিলাক তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে, এম এছ অঞ্জনা গ’ল্ড আৰু পাৰুল জুৱেলাৰ নামৰ গহণা প্ৰতিষ্ঠানৰ পৰা প্ৰিয়ংকা পেটেল নামৰ মহিলাগৰাকীয়ে এই ঘটনা সংঘটিত কৰিছিল ৷ এই সমগ্ৰ ঘটনা সন্দৰ্ভত আজি দুপৰীয়া প্ৰায় ১২-৩০ বজাত শোণিতপুৰৰ উপ আৰক্ষী অধীক্ষক অংকিতা শৰ্মাই সংবাদমাধ্যমৰ আগত সবিশেষ প্ৰকাশ কৰি কয় যে যোৱা চাৰি জুলাইত তেজপুৰ চহৰৰ পাৰুল জুৱেলাৰী এণ্ড চনছ তথা অঞ্জনা গল্ড নামৰ প্ৰতিষ্ঠানখনৰ পৰা প্ৰিয়ংকা পেটেল নামৰ মহিলা গৰাকীয়ে ক্ৰয় কৰিছিল প্ৰায় ৫৮ লাখ টকাৰ সোণৰ বিভিন্ন গহণা ৷

পূৰ্বে বিশ্বনাথৰ বৌবজাৰৰ আৰু বৰ্তমান বিবাহসূত্ৰে গুজৰাটৰ আহমেদাবাদৰ মহিলাগৰাকী গহণা প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীৰ আত্মীয় হোৱা হেতু মহিলা গৰাকীয়ে সামান্য টকা পৰিশোধ কৰি বাকী ৫০লাখৰ অধিক ধন তিনিখন চেকৰ জৰিয়তে প্ৰদান কৰে ৷ পিতৃৰে স’তে আহি গহণা ক্ৰয় কৰি নিয়ৰ পিছত তেওঁ ফোন সংযোগ বিচ্ছিন্ন কৰাৰ বিপৰীতে গহণা প্ৰতিষ্ঠানৰ গৰাকীয়ে চেক তিনিখনৰ ধন মোকলাবলৈ বেংকলৈ যোৱাৰ পিছত জানিব পাৰে প্ৰৱঞ্চিত হোৱাৰ বিষয়ে ৷ কাৰণ মহিলা গৰাকীয়ে আদায় দিয়া তিনিওখন চেকৰ একাউন্টটো ২০২৪তে বন্ধ কৰা হৈছিল ৷ উপায়ন্তৰ হৈ গহণা বিক্ৰেতা কাষ চাপে শোণিতপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ ৷ পিছত আৰক্ষী অধীক্ষকৰ নিৰ্দেশ অনুসৰি অঞ্জনা গল্ডৰ স্বত্বাধিকাৰীয়ে দাখিল কৰা এজাহাৰমৰ্মে তেজপুৰ আৰক্ষীয়ে ৰুজু কৰা ৩৮৯/২০২৬ নম্বৰ গোচৰ পঞ্জীয়ন কৰি ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰে ৷ আৰক্ষীৰ তদন্তত মহিলা গৰাকী ৰে’লৰে গুজৰাট অভিমুখে ৰাওনা হোৱাটো নিশ্চিত হয় আৰু তেজপুৰ আৰক্ষীৰ এটা দল মহিলা গৰাকীৰ সন্ধানত তেজপুৰৰ পৰা ৰাওনা হোৱাৰ বিপৰীতে আহেদাবাদ আৰক্ষীৰ অপৰাধ শাখাৰে যোগাযোগ কৰা হয় ৷

আনহাতে মহিলা গৰাকীয়ে আহমেদাবাদত এখন গহণা প্ৰতিষ্ঠানত তেওঁ তেজপুৰৰ পৰা নিয়া সোণৰ গহণাবোৰ বিক্ৰী কৰিবলৈ যাওঁতেই আহমেদাবাদ আৰক্ষীৰ সহযোগত তেজপুৰ আৰক্ষীৰ দলে হাতে লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ মহিলা গৰাকীৰ কবলৰ পৰা আৰক্ষীয়ে প্ৰায় ৫৮ লাখ টকাৰ সকলো গহণা উদ্ধাৰ কৰে ৷ উল্লেখযোগ্য যে বৰ্তমান মহিলাগৰাকী তেজপুৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে ১২ জুলাইলৈকে আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰে আৰু আৰক্ষীয়ে তেওঁক সোধপোছ অব্যাহত ৰাখিছে ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande