কাকীত ধুমধামেৰে অনুষ্ঠিত হʼল ভেকুলী বিয়া
হোজাই, ০১ জুলাই (হি.স.)। কাকীত নিশা ধুমধামেৰে অনুষ্ঠিত হʼল ভেকুলী বিয়া । কাকীৰ মইনাপুৰ গাঁৱৰ শিৱ মন্দিৰত ৰাইজে অনুষ্ঠিত কৰিলে ভেকুলী বিয়া । নাচি -বাগি ভাগ ল''লে সকলো লোকে । উৰুলি,বিয়া নাম,ঢোলৰ শব্দৰে বিয়াঘৰ মুখৰিত হৈ উঠিল । পানী তোলা, মাহ হাল
কাকীত ধুমধামেৰে অনুষ্ঠিত হʼল ভেকুলী বিয়া


হোজাই, ০১ জুলাই (হি.স.)। কাকীত নিশা ধুমধামেৰে অনুষ্ঠিত হʼল ভেকুলী বিয়া । কাকীৰ মইনাপুৰ গাঁৱৰ শিৱ মন্দিৰত ৰাইজে অনুষ্ঠিত কৰিলে ভেকুলী বিয়া । নাচি -বাগি ভাগ ল'লে সকলো লোকে ।

উৰুলি,বিয়া নাম,ঢোলৰ শব্দৰে বিয়াঘৰ মুখৰিত হৈ উঠিল । পানী তোলা, মাহ হালধিৰে নোওৱা,পানী তুলিবলৈ যোৱা, দৰাক পথত আগভেটা দিয়াকে ধৰে অসমীয়া সমাজৰ বিয়াৰ সকলো ৰীতি নীতি মানি পাতি দিয়া হʼল ভেকুলী- ভেকুলাৰ বিয়া । ৰাইজৰ এটাই আশা বৰষুণ দিয়ক ।

পথাৰত ধানৰ কঠিয়া পেলাব পৰাকৈ, খেতি কৰিব পৰাকৈ বৰষুণ পৰিবলৈ লোক বিস্বাস অনুসৰি,আয়োজন কৰা হʼল ভেকুলীৰ বিয়া ।

কৃষিভিত্তিক অঞ্চলটোত আজিকোপটি জলসিঞ্চনৰ কোনো ব্যৱস্থা নথকাত ,প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰিব লগীয়াত পৰিছে কৃষক ৰাইজ ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande