হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়, চণ্ডীগড় বায়ুসেনা বিদ্যালয়কে ধৰি কেইবাখনো বিদ্যালয়লৈ বোমাৰ ভাবুকি
চণ্ডীগড়, ০১ জুলাই (হি.স.)। পুনৰবাৰ হাৰিয়ানাৰ মুখ্যমন্ত্রী নয়ব ছাইনীৰ কার্যালয়ৰ লগতে চণ্ডীগড় বায়ুসেনা বিদ্যালয়কে ধৰি কেইবাখনো বিদ্যালয়ে বোমাৰ ভাবুকি লাভ কৰিছে ৷ গ্ৰীষ্মকালীন ছুটীৰ পিছৰ প্ৰথম দিনটো বুধবাৰে পুনৰ মুকলি হ’ল বিদ্যালয়। পুনৰ খোলা
হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়, চণ্ডীগড় বায়ুসেনা বিদ্যালয়কে ধৰি কেইবাখনো বিদ্যালয়লৈ বোমাৰ ভাবুকি


চণ্ডীগড়, ০১ জুলাই (হি.স.)। পুনৰবাৰ হাৰিয়ানাৰ মুখ্যমন্ত্রী নয়ব ছাইনীৰ কার্যালয়ৰ লগতে চণ্ডীগড় বায়ুসেনা বিদ্যালয়কে ধৰি কেইবাখনো বিদ্যালয়ে বোমাৰ ভাবুকি লাভ কৰিছে ৷ গ্ৰীষ্মকালীন ছুটীৰ পিছৰ প্ৰথম দিনটো বুধবাৰে পুনৰ মুকলি হ’ল বিদ্যালয়। পুনৰ খোলাৰ লগে লগে এই ভাবুকি ইমেইলত আতংকিত হৈ পৰে আৰক্ষী প্ৰশাসন।

এই ভাবুকিপূৰ্ণ ইমেইলটো ছেক্টৰ ৩৭, চণ্ডীগড়, আৰু কেন্দ্ৰীয় বিদ্যালয় (চেক্টৰ ৪৭)ৰ চৰকাৰী মডেল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল (৩৭বি)লৈ প্ৰেৰণ কৰা হৈছিল। ইমেইলসমূহত দাবী কৰা হৈছে যে চণ্ডীগড়ৰ সকলো বিদ্যালয়তে দুপৰীয়া ১:১১ বজাত বোমা বিস্ফোৰণ আৰু ড্ৰোন আক্ৰমণ সংঘটিত হ’ব, আনহাতে হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত বিয়লি ৩:১১ বজাত হ’ব।

ছেক্টৰ ৩১ৰ চণ্ডীগড় বায়ুসেনা বিদ্যালয়লৈ বোমাৰ ভাবুকি ইমেইল পোৱাৰ পিছত নিৰাপত্তা সংস্থাসমূহো আতংকিত হৈ পৰে।এই তথ্য লাভ কৰাৰ লগে লগে চণ্ডীগড় আৰক্ষী, বোমা স্কোয়াড, ডগ স্কোয়াড, আৰু অন্যান্য নিৰাপত্তা সংস্থাই ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ কেম্পাছত পুংখানুপুংখ তালাচী আৰম্ভ কৰে।

প্ৰাথমিক তথ্য অনুসৰি বিদ্যালয় চৌহদত বোমা উপস্থিত থকা বুলি দাবী কৰি ভাবুকিপূৰ্ণ ইমেইল লাভ কৰে বিদ্যালয় প্ৰশাসনে। ইমেইলটোৰ উৎস আৰু আই পি ঠিকনা নিৰ্ণয়ৰ বাবে তদন্ত চলি আছে।

এই ভাবুকিৰ পিছতে বিদ্যালয় চৌহদ আৰু ইয়াৰ আশে-পাশে ঘেৰাও কৰি নিৰাপত্তা বৃদ্ধি কৰা হয়। সাৱধানতা স্বৰূপে সমগ্ৰ কেম্পাছৰ পুংখানুপুংখ তালাচী চলোৱা হৈছে। বৰ্তমান কোনো সন্দেহজনক বস্তুৰ আনুষ্ঠানিক নিশ্চিতকৰণ লাভ কৰা হোৱা নাই।

চণ্ডীগড় আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি চাইবাৰ বিশেষজ্ঞৰ সহায়ত ইমেইল প্ৰেৰকক চিনাক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। চণ্ডীগড় আৰক্ষীৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, আৰক্ষীৰ দলসমূহে এই ভাবুকি লাভ কৰা বিদ্যালয় আৰু প্ৰতিষ্ঠানসমূহৰ তদন্ত কৰি আছে। সকলো দল ঠাইতে নিয়োজিত কৰা হয়।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande