
নতুন দিল্লী, ০১ জুলাই (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি নীতিন নবীনক লৈ তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীক তীব্ৰ সমালোচনা কৰি বিজেপিয়ে তেওঁক অহংকাৰী আখ্যা দিয়ে। এটা পৰিয়ালৰ দৰবাৰী হোৱা লোকে এনেধৰণৰ প্ৰশ্ন কৰিছে বুলি বিজেপিয়ে কয়। ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ মুখপাত্ৰ প্ৰেম শুক্লাই কয় যে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেবন্ত ৰেড্ডীয়ে এক অতি নিন্দনীয় প্ৰশ্ন কৰিছে।
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক লৈ তেওঁ প্ৰশ্ন কৰে, তেওঁ কোন? এইটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু নিন্দনীয়। ভাৰতৰ ২২খন ৰাজ্যত চৰকাৰ থকা বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি বুলি ৰেবন্ত ৰেড্ডীয়ে জনা উচিত।
প্ৰেম শুক্লাই কয় যে এই অহংকাৰৰ বাবে কংগ্ৰেছে বিগত তিনিটা লোকসভা নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হৈছে। কংগ্ৰেছৰ এই দুৰ্দশাৰ কাৰণ আছিল বিজেপি, যাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন । তেওঁ কয় যে তেলেংগানা ৰাজ্যৰ ১৭খন লোকসভাৰ আসনৰ ভিতৰত বিজেপিয়ে ৮খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে একে সংখ্যক আসন লাভ কৰিছে। কিন্তু অহংকাৰৰ শিখৰত উপনীত হৈছে তেলেংগানাৰ মুখ্যমন্ত্ৰীগৰাকী ।
তেওঁ কয় যে এই অহংকাৰ মাত্ৰ কেইমাহমানহে থাকিব। ৰাজ্যত বিজেপিৰ পদুম ফুলিব, অহংকাৰী ৰাজনীতিও ভাঙি পৰিব । বিজেপিৰ সভাপতি নীতিন নবীনৰ নেতৃত্বত দলটোৱে জয়লাভ কৰিব। দৰবাৰী আৰু অহংকাৰী ৰাজনীতি মাত্ৰ কেইমাহমানহে চলিব।
উল্লেখযোগ্য যে তিনিদিনীয়া তেলেংগানা ভ্ৰমণৰ সময়ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীয়ে ৰাজ্যখনত কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি আন্দোলন গঢ়ি তোলাৰ কথা ঘোষণা কৰিছিল । তেলেংগানা বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত ভাষণ দি নবীনে দলৰ নেতা-কৰ্মীসকলক ৰাজ্য চৰকাৰৰ বিৰুদ্ধে যুঁজ তীব্ৰতৰ কৰি তোলাৰ লগতে তেলেংগানাৰ প্ৰতিখন গাঁও-নগৰলৈ জনসাধাৰণৰ সমস্যা লৈ যাবলৈ আহ্বান জনায়।
ইয়াৰ উত্তৰত তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেবন্ত ৰেড্ডীয়ে কয়, শেহতীয়াকৈ ইয়ালৈ এজন ব্যক্তি আহিছিল, নবীন বা তেওঁৰ নাম যিয়েই নহওক কিয়, তেওঁৰ সঠিক নাম মই নাজানো, কিন্তু তেওঁ ইয়ালৈ আহি কৈছিল, 'পৰৱৰ্তী চৰকাৰ তেওঁৰ হ'ব।' পশ্চিম বংগত ১৫ বছৰ সময় লাগিল। তাত হয়তো মমতা বেনাৰ্জীৰ বাবেই কৌশল সফল হ’ল, কিন্তু ইয়াত আমাৰ সকলো মানুহ সাজু হৈছে আৰু তেওঁলোকে আপোনাক চেপি ধৰিব।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ