
নতুন দিল্লী, ০১ জুলাই (হি.স.)। প্ৰখ্যাত নাট্য ব্যক্তিত্ব তথা চলচ্চিত্ৰ পৰিচালক বিজয়া মেহতাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে বিজয়া মেহতা আধুনিক মাৰাঠী নাট্যৰ এগৰাকী আগশাৰীৰ ব্যক্তি আছিল, যিয়ে নিজৰ সৃষ্টিশীলতা আৰু শিল্পকলাৰ উৎকৰ্ষতাৰ প্ৰতি সমৰ্পণৰ জৰিয়তে ভাৰতীয় নাট্য আৰু চিনেমাক এক নতুন দিশ প্ৰদান কৰিছিল।
ছ’চিয়েল মিডিয়াত প্ৰেৰণ কৰা শোক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে বিজয়া মেহতাক সংস্কৃতি আৰু চিনেমাৰ জগতৰ অন্যতম প্ৰভাৱশালী ব্যক্তি হিচাপে সদায় স্মৰণীয় হৈ থাকিব। আধুনিক মাৰাঠী নাট্যৰ অগ্ৰণী বিজয়া সৃষ্টিশীলতা আৰু শিল্পকলাৰ উৎকৰ্ষতাৰ প্ৰতি দায়বদ্ধতাৰ বাবে পৰিচিত আছিল। তেওঁ কয় যে আধুনিক মাৰাঠী নাট্যৰ পথ প্ৰদৰ্শক হিচাপে তেওঁৰ কামে অভিনেতা, পৰিচালক, নাট্যপ্ৰেমীৰ প্ৰজন্মক অনুপ্ৰাণিত কৰিছিল।
বিদেহী আত্মাক শ্ৰদ্ধাঞ্জলি জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে এই শোকৰ ঘণ্টাত বিজয়া মেহতাৰ পৰিয়াল, অনুৰাগী, আৰু সমগ্ৰ শিল্প জগতৰ সৈতে তেওঁৰ সমবেদনা। তেওঁ বিদেহী আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিলে।
উল্লেখযোগ্য যে দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মঙলবাৰে (৩০ জুন) মুম্বাইৰ বাসগৃহত বিজয়া মেহতাৰ মৃত্যু হয়। তেওঁৰ বয়স আছিল ৯১ বছৰ।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ