আগ্ৰা-লক্নৌ এক্সপ্ৰেছৱেত পথ দুৰ্ঘটনা, ৫ জন মৃত্যু
উন্নাও, ০১ জুলাই (হি.স.)। উত্তৰ প্ৰদেশৰ উন্নাও জিলাৰ বঙাৰমৌ থানা এলেকাত আজি পুৱা আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱে’ত সংঘটিত পথ দুৰ্ঘটনাত এখন গাড়ীত থকা ৫ জন লোক নিহত হোৱাৰ লগতে বাছত থকা ১৭ জন লোক আহত হয়। এই তথ্য লাভ কৰাৰ লগে লগে জিলা দণ্ডাধীশ ঘনশ্যাম মীন
घटना की फोटो


উন্নাও, ০১ জুলাই (হি.স.)। উত্তৰ প্ৰদেশৰ উন্নাও জিলাৰ বঙাৰমৌ থানা এলেকাত আজি পুৱা আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱে’ত সংঘটিত পথ দুৰ্ঘটনাত এখন গাড়ীত থকা ৫ জন লোক নিহত হোৱাৰ লগতে বাছত থকা ১৭ জন লোক আহত হয়। এই তথ্য লাভ কৰাৰ লগে লগে জিলা দণ্ডাধীশ ঘনশ্যাম মীনা, আৰক্ষী অধীক্ষক জয় প্ৰকাশ সিং, আৰু বংগৰমৌৰ এছডিএম ব্রিজমোহন শুক্লাই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

জিলা দণ্ডাধীশে জনোৱা মতে, পুৱা প্ৰায় ৪:৩০ বজাত ফৰিদাবাদৰ পৰা বিহাৰলৈ গৈ আছিল এখন বাছ। আগ্ৰা-লক্নৌ এক্সপ্ৰেছৱেৰ দেৱখাৰী গাঁৱৰ সমীপত বাছ চালকজন টোপনি যায়। ফলত বাছখনে ডিভাইডাৰ পাৰ হৈ ৰাস্তাৰ পৰা নামি এটা খাৱৈত অৱতৰণ কৰে। লক্ষ্ণৌৰ পৰা মথুৰালৈ গৈ থকা এখন এৰ্টিগা গাড়ীৰ লগত সংঘৰ্ষ হয়। গাড়ীখনত থকা ৯ জন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে চাৰিজনক জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰি চিকিৎসাধীন হৈ আছে। জিলা দণ্ডাধীশে উল্লেখ কৰে যে বাছখনত আহত হোৱা একাংশ লোককো ৰেফাৰ কৰা হৈছে। আটাইকেইজনৰ অৱস্থা স্বাভাৱিক আৰু ঘৰলৈ পঠিয়াই দিয়া হৈছে। ক্ষতিগ্ৰস্ত বাহনখন টানি লৈ যোৱা হৈছে।

নিহত দুজন হ’ল দিব্য (৬), অমৃতা (১৩), অঞ্জু (৪০), ধুনমুন (৬০), আৰু গাড়ী চালক বিনোদ (৪৫) আটাইকেইজনেই সন্ত কবীৰ নগৰৰ। সকলো একেটা পৰিয়ালৰ সদস্য। আৰক্ষীয়ে এই সন্দৰ্ভত পৰিয়ালটোক অৱগত কৰি অধিক ব্যৱস্থা গ্ৰহণ কৰিছে।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande