উত্তৰ-পূব ভাৰতৰ শ্ৰেষ্ঠ সংবাদিকতাৰ বিভাগ হিচাপে উজলিল তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগ
–দেশৰ ৰাজহুৱা পুঁজিৰে পৰিচালিত বিশ্ববিদ্যালয় সমূহৰ মাজত পঞ্চম স্থানত আৰু দেশৰ ভিতৰত সামগ্ৰিক ভাৱে ১৮ সংখ্যক স্থান লাভ বিভাগটোৰ শোণিতপুৰ, ০১ জুলাই (হি.স.)। উত্তৰ-পূৱ ভাৰতত সাংবাদিকতা শিক্ষাৰ এক অগ্ৰণী শৈক্ষিক কেন্দ্ৰ হিচাপে নিজৰ স্থা
তেজপুৰ  বিশ্ববিদ্যালয়ৰ   গণসংযোগ  আৰু  সাংবাদিকতা  বিভাগ


–দেশৰ ৰাজহুৱা পুঁজিৰে পৰিচালিত বিশ্ববিদ্যালয় সমূহৰ মাজত পঞ্চম স্থানত আৰু দেশৰ ভিতৰত সামগ্ৰিক ভাৱে ১৮ সংখ্যক স্থান লাভ বিভাগটোৰ

শোণিতপুৰ, ০১ জুলাই (হি.স.)। উত্তৰ-পূৱ ভাৰতত সাংবাদিকতা শিক্ষাৰ এক অগ্ৰণী শৈক্ষিক কেন্দ্ৰ হিচাপে নিজৰ স্থান পুনৰবাৰ প্ৰতিষ্ঠা কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগে “ইণ্ডিয়া টুডে বেষ্ট কলেজ ৰেংকিং ২০২৬”ত উত্তৰ-পূৱ ভাৰতৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰিছে । ৰাজহুৱা পুঁজিৰে পৰিচালিত বিশ্ববিদ্যালয় সমূহৰ ভিতৰত পঞ্চম স্থান আৰু সামগ্ৰিক ভাৱে সমগ্ৰ দেশৰ ভিতৰত ১৮ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এই সাফল্যই বিভাগটোৰ শৈক্ষিক উৎকৃষ্টতা, গৱেষণা, উদ্ভাৱন আৰু উদ্যোগ মুখী শিক্ষাৰ প্ৰতি থকা নিৰন্তৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰিছে।

বিভাগটোৰ ৰূপালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি, বিগত ২৫ বছৰত বিভাগটোৱে সমগ্ৰ দেশৰ প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীক আকৰ্ষণ কৰি সাংবাদিকতা আৰু যোগা যোগ অধ্যয়নৰ ক্ষেত্ৰত ভাৰতৰ অন্যতম প্ৰধান কেন্দ্ৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে । বিভাগটোৱে বছৰি ইয়াৰ স্নাতকোত্তৰ পাঠ্যক্ৰম সমূহত ৮০জনতকৈ ও অধিক ছাত্ৰ-ছাত্ৰীক নাম ভৰ্তিকৰাই আহিছে। স্নাতকোত্তৰ পাঠ্যক্ৰমৰ উপৰি ও বিভাগটোৱে পিএইচ.ডি. পাঠ্যক্ৰমো আগবঢ়ায়, য’ত বৰ্তমান ২৫ জনত কৈও অধিক গৱেষক ছাত্ৰ-ছাত্ৰী সংবাদিকতা আৰু যোগাযোগৰ বিভিন্ন বিষয়ত অত্যাধুনিক গৱেষণাত ব্ৰতী হৈ আছে। বিভাগৰ শিক্ষক সকলে উচ্চ-প্ৰভাৱশালী গৱেষণাপত্ৰ প্ৰকাশ, বহিঃৰাষ্ট্ৰীয় বা চৰকাৰী পুঁজিৰে পৰিচালিত গৱেষণা প্ৰকল্প, পেটেণ্ট, গ্ৰন্থ আৰু নীতি-মুখী স্কলাৰশ্বিপৰ জৰিয়তে এইক্ষেত্ৰ খনলৈ গুৰুত্ব পূৰ্ণ অৱদান আগবঢ়াইছে। বিভাগটোত অত্যাধুনিক টেলিভিছন আৰু ৰেডিঅ ’ষ্টুডিঅ’, মাল্টিমিডিয়া পৰীক্ষাগাৰ, ডিজিটেল এডিটিং চুইট আৰু আধুনিক শিক্ষাদান ৰসা-সুবিধা আছে, যিয়ে ছাত্ৰ-ছাত্ৰীক শৈক্ষিক গভীৰতা আৰু ব্যৱহাৰিক বৃত্তি মূলক প্ৰশিক্ষণৰ এক সুন্দৰ মিশ্ৰণ প্ৰদান কৰে। নিযুক্তিৰ ক্ষেত্ৰটো বিভাগটোৱে এক সুনাম অৰ্জন কৰিছে।

ইয়াৰ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকল দেশ-বিদেশৰ আগশাৰীৰ সংবাদমাধ্যম, গণ সংযোগ আৰু বিজ্ঞাপন সংস্থা, ডিজিটেল মিডিয়া কোম্পানী, শৈক্ষিক প্ৰতিষ্ঠান, চৰকাৰী সংগঠন আৰু উন্নয়ন মূলক খণ্ডত কৰ্মৰত হৈ আছে । এই সাফল্যত আনন্দ প্ৰকাশ কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী ডঃ মনোজ দেউৰীয়ে কয়, এই স্বীকৃতি কেৱল আমাৰ বিভাগ বা তেজপুৰ বিশ্ববিদ্যালয়ৰ বাবেই নহয়, সমগ্ৰ উত্তৰ-পূৱ ভাৰতৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। ৰাজহুৱা পুঁজিৰে পৰিচালিত বিশ্ববিদ্যালয় সমূহৰ ভিতৰত পঞ্চম স্থান লাভ কৰাৰ লগতে অঞ্চলটোৰ সৰ্বোচ্চ ৰেং কলা ভকৰা গণসংযোগ আৰু সাংবাদিকতা বিভাগ হিচাপে পৰিগণিত হোৱাটো আমাৰ বহু বছৰৰ সামূহিক প্ৰচেষ্টাৰ ফল। ই আমাৰ শিক্ষক বৃন্দ, ছাত্ৰ-ছাত্ৰী, গৱেষক, প্ৰাক্তনছাত্ৰ-ছাত্ৰী, কাৰিকৰী কৰ্মচাৰী আৰু বিশ্ববিদ্যালয় প্ৰশাসনৰ অদম্য সমৰ্থনক প্ৰতিফলিত কৰে। এই গুৰুত্বপূৰ্ণ সাফল্যক উদযাপন কৰাৰ লগতে আমি গুণগত শিক্ষাদান, প্ৰভাৱশালী গৱেষণা, উদ্ভাৱন আৰু মিডিয়া উদ্যোগ তথা সমাজৰ সৈতে অৰ্থপূৰ্ণ ভাৱে জড়িত হৈ থকাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ । শিক্ষক-শিক্ষয়িত্ৰীসকল, ছাত্ৰ-ছাত্ৰী, গৱেষকছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, কাৰিকৰী কৰ্মচাৰী, বিশ্ববিদ্যালয় প্ৰশাসন আৰু বিভাগৰ সমূহ পৰিয়ালৰ সামূহিক প্ৰচেষ্টা প্ৰশংসনীয়। ইয়াৰ লগতে মিডিয়া শিক্ষাক অধিক শক্তিশালী কৰা, প্ৰভাৱশালী গৱেষণাক প্ৰসাৰিত কৰা, উদ্ভাৱনক উদগনি দিয়া আৰু সমাজলৈ অৰ্থ পূৰ্ণ অৱদান আগবঢ়াব পৰা নৈতিক, সামাজিক ভাৱে দায়িত্বশীল আৰু ভৱিষ্যতৰ বাবে উপযুক্ত সাংবাদিক গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি আগবঢ়ায় বিভাগটোৱে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande