
তামুলপুৰ, ০১ জুলাই (হি.স.)। বহিঃৰাজ্যত পুনৰ মৃত্যু অসমৰ যুৱক ৷
তামুলপুৰ জিলা সদৰস্থ বৰখোপা গাঁৱৰ ফেলেনু বৰ্মনৰ পুত্ৰ দীপক বৰ্মন (৩৫)ৰ মৃত্যু ৷
বেংগালুৰুৰ এটা কোম্পানীত চিকিৰউটি গাৰ্ডত কৰ্মৰত আছিল যুৱক জন।
২৮ জুনৰ নিশা কোম্পানীত কৰ্মৰত অৱস্থাতে কাজিয়া লাগিছিল দুই সতীৰ্থৰ সৈতে।
কোম্পানীৰ এগৰাকী সতীৰ্থৰ সতে কাজিয়া লাগি সতীৰ্থৰ হাতত মৃত্যুবৰন কৰে যুৱক জনে।
সিং উপাধিৰ সতীৰ্থ জনৰ আক্ৰমণত নিহত হয় দীপক বৰ্মন।
পৰিয়ালৰ লোকে জনোৱা মতে দীপকৰ দেহৰ কেবাঠাইত আঘাতৰ চিন স্পষ্ট ৷
ইতিমধ্যে সিং উপাধিৰ আক্ৰমণ কাৰী সতীৰ্থ গৰাকীক বেংগালুৰু আৰক্ষীয়ে আটক কৰি জেল হাজোতলৈ প্ৰেৰন কৰে।
আজি কোম্পানীৰ সহযোগত তামুলপুৰ জিলা প্ৰশাসনৰ সহায়ত মৃতদেহ ঘৰলৈ অনা হয়।
মৃতদেহ ঘৰ আহি পোৱাত বৰখোপাত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু