
শিৱসাগৰ, ০১ জুলাই (হি.স.)। শিৱসাগৰত সমাগত ১৫ আৰু ১৬ জুলাই তাৰিখে দুদিনীয়াকৈ আয়োজন কৰা হব টাইপাৰ প্ৰতিষ্ঠা দিৱস।
প্ৰথমবাৰৰ বাবে টাইপাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত প্ৰদান কৰা হব আহোম প্ৰাণ বঁটা আৰু আহোম ৰত্ন বঁটা ।
আহোম প্ৰাণ বঁটা মৰোনোত্তৰ ভাবে টাইপাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক ডামচাও পংকজ বৰগোঁহাইক প্ৰদান কৰা হব্য
আনহাতে আন্তঃৰাষ্ট্ৰীয় দৌৰবিদ মানচাও অম্লান বৰগোঁহাইক আহোম ৰত্ন বঁটা প্ৰদান কৰা হব ।
সমাগত বিধানসভা অধিৱেশনত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীগোটৰ প্ৰতিবেদন বিশ্লেষণ কৰি কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী। শেহতীয়া নিৰ্বাচনত আহোম জনগোষ্ঠীৰ লোকসকলে শাসকীয় বি জে পি দলক হিয়া উজাৰি ভোট প্ৰদান কৰিছিল। এই কথা খোদ মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিছিল।
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চৰকাৰৰ প্ৰতিশ্ৰুতি প্ৰদানৰ পাছতো গেঠেলা মৰা দেখা যায়।এইবাৰ কিন্তু তেনে হবলৈ নিদিয়াৰ হুংকাৰ টাইপাৰ।
শীঘ্ৰেই জনজাতিকৰণৰ বিষয়টো বিবেচনা নকৰিলে কলা পতাকা প্ৰদৰ্শনেৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হব ।
নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ সৈতে আহোম জনগোষ্ঠীয় সংগঠনসমূহৰ সৈতে বৈঠক অনুষ্ঠিত হৈছিল।এই বৈঠকত নিৰ্বাচনৰ পাছত বিষয়টো বিবেচনা কৰা হব বুলি মুখ্যমন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰিছিল।
এই কথা বি জে পিৰ নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ পাইছিল।
ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামে সমাগত বৰ্ষাকালীন অধিবেশনত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো উত্থাপন কৰা নহয় বুলি কৰা মন্তব্যৰ বিপৰীতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে মন্ত্ৰীগোটৰ প্ৰতিবেদন আলোচনা কৰি কেন্দ্ৰলৈ প্ৰেৰণ নকৰিলে টাইপাই স্বাধীনতা দিৱসৰ দিনটোৰ পৰাই কলা পতাকা প্ৰদৰ্শনেৰে চৰকাৰ বিৰোধী প্ৰতিবাদী কাৰ্য্যসূচী আৰম্ভ কৰিব।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা