
নতুন দিল্লী, ০১ জুলাই (হি.স.)। মহাৰাষ্ট্ৰৰ সতৰা জিলাত ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটি (ট্ৰাই)ৰ মোবাইল নেটৱৰ্ক টেষ্টত ৰিলায়েন্স জিঅ’ই সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়ায়। পৰীক্ষাৰ সময়ত জিঅ’ই ডাউনলোডৰ গতি, কভাৰেজ, আৰু কলৰ মানদণ্ডৰ বেছিভাগ পেৰামিটাৰত অন্য কোম্পানীক আউটপাৰ্ফৰ্ম কৰাৰ বিপৰীতে বিএছএনএলে সৰ্বাধিক কল ড্ৰপ আৰু সৰ্বাধিক কভাৰেজ ব্যৱধান ৰেকৰ্ড কৰিছিল।
কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰালয়ে জনোৱা মতে, ট্ৰাইয়ে ১০ৰ পৰা ১৩ মাৰ্চৰ ভিতৰত সতৰা জিলাত এই মোবাইল নেটৱৰ্ক পৰীক্ষা অনুষ্ঠিত কৰিছিল । এই পৰীক্ষাত ৫৩৫.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ চহৰ পথ, ১০৩.৩ কিলোমিটাৰ হাইৱে পথ, ১৫টা ডাঙৰ হটস্পট, আৰু ৯.৮ কিলোমিটাৰ খোজকাঢ়ি পৰীক্ষা এলেকাৰ মোবাইল সেৱাৰ মানদণ্ডৰ মূল্যায়ন কৰা হৈছিল। এই পৰীক্ষাৰ সময়ত এয়াৰটেল, বিএছএনএল, ৰিলায়েন্স জিঅ’, আৰু ভোডাফোন আইডিয়া (ভিআই)ৰ নেটৱৰ্কৰ মূল্যায়ন কৰা হৈছিল ।
প্ৰতিবেদন অনুসৰি, চহৰখনৰ লগতে ইয়াৰ আশে-পাশে থকা অঞ্চলত কভাৰেজৰ ব্যৱধানৰ ক্ষেত্ৰত জিঅ’ৰ ৫৭,৮২৬টা নমুনাৰ ভিতৰত ৩,৪৬৭টা দুৰ্বল সংকেত আছিল। এয়াৰটেলৰ ৪,০৩৩টা, ভিৰ ৪,১৯১টা, আৰু বিএছএনএলৰ ১৬,৩৯৩টা নমুনা। ইয়াৰ পৰা স্পষ্টকৈ বুজা যায় যে বি এছ এন এলৰ কভাৰেজ আন কোম্পানীতকৈ যথেষ্ট দুৰ্বল আছিল।
কল ড্ৰপৰ ক্ষেত্ৰতো পিছ পৰি আছে বি এছ এন এল । ৪৯৩টা সফল কলৰ ভিতৰত বিএছএনএলৰ ৩৮টা ড্ৰপ কল আছিল। এয়াৰটেলৰ ৫১৫ৰ ভিতৰত ৫, জিঅ’ৰ ৫২৪ৰ ভিতৰত ছটা, আৰু ভিৰ ৫২১ৰ ভিতৰত তিনিটা।
ডাটা ডাউনলোড স্পীডত জিঅ’ই সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়াইছিল । মহানগৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত জিঅ’ৰ গড় ডাউনলোড গতি আছিল ১৭৬.৯৫ এমবিপিএছ। এয়াৰটেলৰ ডাউনলোড স্পীড ১১৩.৭৯ এমবিপিএছ, ভিৰ ৪৬.৮৬ এমবিপিএছ, আৰু বিএছএনএলৰ ৫.৬৬ এমবিপিএছ ৰেকৰ্ড কৰা হৈছে।
লগতে আপলোড স্পীডত ১৯.৮১ এমবিপিএছেৰে শীৰ্ষস্থান দখল কৰিছে জিঅ’ই। এয়াৰটেলৰ গড় আপলোড স্পীড আছিল ১৯.৩৩ এমবিপিএছ, ভিৰ ১২.৯২ এমবিপিএছ, আৰু বিএছএনএলৰ গড় আপলোড স্পীড আছিল ২.১৪ এমবিপিএছ।
পুনে-সাতৰা ঘাইপথ পথতো জিঅ’ই সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়ায়। ইয়াত জিঅ’ৰ গড় ডাউনলোড স্পীড ২৬১.৯৯ এমবিপিএছ, আনহাতে এয়াৰটেলৰ ১১৩.১২ এমবিপিএছ, ভিৰ ২৫.৮৮ এমবিপিএছ আৰু বিএছএনএলৰ ৮.৭৩ এমবিপিএছ।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ