ধেমাজিৰ বান পৰিস্থিতি পৰিদৰ্শনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ ভ্ৰমণক লৈ সন্তুষ্টি প্ৰকাশ ৰাজ্যিক বিজেপিৰ
গুৱাহাটী, ০১ জুলাই (হি.স.)। অসমৰ লগতে অৰুণাচলত হোৱা বান পৰিস্থিতিক লৈ ভাৰতৰ জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ ভ্ৰমণৰ সময়ত মন্ত্ৰীজনৰ বক্তব্য আৰু দায়িত্বৰ প্ৰতি ৰাজ্যিক বিজেপিয়ে সন্তুষ্টি প্ৰকাশ কৰে৷ বিজেপিৰ মিডিয়া পেনেলিষ্ট অচিন্ত প্ৰাণ শ
বিজেপিৰ দলীয় পতাকা


গুৱাহাটী, ০১ জুলাই (হি.স.)। অসমৰ লগতে অৰুণাচলত হোৱা বান পৰিস্থিতিক লৈ ভাৰতৰ জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ ভ্ৰমণৰ সময়ত মন্ত্ৰীজনৰ বক্তব্য আৰু দায়িত্বৰ প্ৰতি ৰাজ্যিক বিজেপিয়ে সন্তুষ্টি প্ৰকাশ কৰে৷ বিজেপিৰ মিডিয়া পেনেলিষ্ট অচিন্ত প্ৰাণ শৰ্মাই প্ৰকাশ কৰে যে এই দুৰ্যোগৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা বানাক্ৰান্ত ৰাইজৰ কাষত ঠিয় হৈছে আৰু হ’ব৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজে টেলিফোন যোগে বান পৰিস্থিতিৰ বুজ লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সকলো সহায় সাহায্যৰ লগতে বানাক্ৰান্ত ৰাইজৰ কাষত ঠিয় হোৱাৰ প্ৰতিশ্ৰুতি দিয়ে৷ ড॰ হিমন্ত বিশ্ব শৰ্মাই পৰিস্থিতিৰ সম্পৰ্কে তাৎক্ষণিকভাৱে উদ্ধাৰ আৰু সাহায্য অভিযান সমূহ কাৰ্য্যকৰী কৰাৰ বাবে শক্তিশালী পদক্ষেপ লোৱাৰ হেতু ৰাজ্যিক বিজেপিৰ হৈ অচিন্ত প্ৰাণ শৰ্মাই ধন্যবাদ জ্ঞাপন কৰে৷ সৰ্বাধিকভাৱে প্ৰভাম্ভিত হোৱা ধেমাজি জিলাৰ অন্তৰ্গত চিচিবৰগাঁও আৰু জোনাই সমষ্টিৰ অঞ্চল সমূহত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী কেশৱ মহন্তই বানৰ কবলত সম্পূৰ্ণভাৱে ঘৰ ভাঙি যোৱা লোকক ১ লাখ ২০ হাজাৰ কৈ সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে৷ এইধৰণৰ তাৎক্ষণিক ব্যৱস্থাৰ বাবে চৰকাৰ ধন্যবাদৰ পাত্ৰ বুলি ৰাজ্যিক বিজেপিয়ে প্ৰকাশ কৰিছে৷ লগতে কেন্দ্ৰীয় চৰকাৰৰো তাৎক্ষণিক ভাৱে লোৱা ব্যৱস্থাৰ বাবে অত্যন্ত সন্তুষ্টি প্ৰকাশ কৰে৷

প্ৰধানমন্ত্ৰীৰ নিৰ্দেশমৰ্মে জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কিৰণ ৰিজিজু অসমৰ ধেমাজি জিলাৰ বানাক্ৰান্ত অঞ্চলসমূহ ভ্ৰমণ কৰি বানাক্ৰান্ত ৰাইজৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা দিয়া সকলো ধৰণৰ সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতিয়ে বানাক্ৰান্ত ৰাইজৰ মাজত কিছু হ’লেও সকাহ দিবলৈ সক্ষম হৈছে৷ বানাক্ৰান্ত অঞ্চল সমূহৰ ভ্ৰমণৰ সময়ত অসম চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুই কেন্দ্ৰীয় মন্ত্ৰী দুয়োজনক সহযোগ কৰে৷ তাৰোপৰি অসম চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সংশ্লিষ্ট সকলো বিভাগে ৰাইজৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানৰ বাবে দিনে-নিশাই কাম কৰি আছে৷

এই ব্যৱস্থাসমূহক তৰান্বিত কৰিবৰ বাবে লোকসভা সভাৰ সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু আৰু বিধায়ক জীৱন গগৈয়ে কাম কৰি আছে৷ সাহায্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগানৰ বাবে সংশ্লিষ্ট বিভাগসমূহক মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিয়াৰ উপৰিও এছডিআৰএফ আৰু এনডিআৰএফৰ নেতৃত্বত উদ্ধাৰ অভিযান পূৰ্ণ গতিত চলি আছে৷ এই বিভাগসমূহক লৈ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ তৎপৰতাক ৰাজ্যিক বিজেপিৰ হৈ অচিন্ত প্ৰাণ শৰ্মাই সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বৰ চৰকাৰ সদায় অসমৰ ৰাইজৰ লগত আছিল, আছে আৰু থাকিব বুলি মত প্ৰকাশ কৰে৷

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande