
শোণিতপুৰ, ০১ জুলাই (হি.স.)। জামুগুৰিহাটত একতাৰ নিদৰ্শন। ৫০বছৰীয়া পৰম্পৰা ৰক্ষা ধলাইবিল পাৰিছৰ৷ ১২ খনকৈ গাৱৰ ৩০০ শৰো অধিক মহিলাই সমুহীয়াভাৱে ভূই ৰুই আহিছে পথাৰত৷
এতিয়া বাৰিষাৰ বতৰ।কৃষি জীৱি অসমীয়া গ্ৰাম্য সমাজত এতিয়া ভীষণ ব্যস্ততা।মৌচুমীৰ আগমনে পথাৰ পানীৰে ভৰি পৰাৰ পাছত এতিয়া আৰাম্ভ হৈছে ভূই বা কঠিয়া ৰোৱাৰ পৰ্ব।জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ ধলাইবিল পাৰিছৰ অন্তৰ্গত মৰিসুতিৰ পথাৰত দেখা গল গ্ৰাম্য সমাজৰ একতাৰ নিদৰ্শন।অঞ্চলটোৰ বিশাল পথাৰত ১২ খনকৈ গাঁৱৰ ৩০০ শৰো অধিক মহিলাই সমুহীয়াভাৱে এনেদৰেই ভূই ৰোৱাত ব্যস্ত হৈ পৰিছে জাক জাক মহিলা। তেওঁলোকক সহায় কৰি দিছে একাংশ পুৰুষে।আনন্দ মনৰেই ফুৰ্টি তামাছা কৰি ৰুই গৈছে ভৃই। জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ এই পথাৰত আদিবাসী আৰু বড়ো সম্প্ৰদায়ৰ মহিলাই সমুহীয়া ভাৱে বছৰ বছৰ ধৰি ৰুই আহিছে ভূই। যিটো সময়ত সমাজৰ পৰা সমুহীয়া কামকাজ তথা সমুহীক প্ৰথা ক্ৰমাৎ হেৰাই যাবলৈ ধৰিলে সেই সময়তে যোৱা ৫০ বছৰৰো অধিক দিন ধৰি একতাৰ বান্ধোন শক্তিশালী কৰি অসমীয়া গ্ৰাম্য সমাজৰ পৰম্পৰা ৰক্ষা কৰি এইদৰেই সমুহীয়াভাৱে ভূই অহা কাৰ্য ইতিবাচক হিচাপে বিবেচিত হৈছে৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু