
বাক্সা, ০১ জুলাই (হি.স.)। বাক্সাৰ বৰমাত নৱ নিৰ্মিত আৰক্ষী থানা উদ্ধোধন।
বাক্সাৰ বৰমাত অসম চৰকাৰৰ মৈত্ৰী আচনিৰ অধীনত নিৰ্মিত অত্যাধুনিক আৰক্ষী থানা উদ্বোধন কৰে অসম আৰক্ষীৰ সঞ্চালক হৰমিত সিঙে।
সমগ্ৰ ৰাজ্যতে আৰক্ষী থানাবোৰক আধুনিকীকৰণ কৰি জনসাধাৰণ আৰু আৰক্ষীৰ মাজৰ সম্পৰ্ক ওচৰ চপাই অনাৰ চেষ্টা কৰিছে অসম আৰক্ষীয়ে ।
আৰক্ষী থানা সমূহত যাতে সকলো লোক বিনা সংকোচে আহিব পাৰে তাৰ বাবে কাম কৰি আছে অসম আৰক্ষীয়ে । মহিলা আৰু শিশুৰ কাৰনে আচুতীয়া কক্ষ ৰখাৰ ব্যৱস্থা কৰিছে নৱ নিৰ্মিত আৰক্ষী থানাৰ ভৱনত ।
অনুস্থানত বিটিচি আৰক্ষী মহা পৰিদ্শক বিবেক ৰাজ সিং ,বাক্সা জিলা আৰক্ষী অধীক্ষক উজ্বল প্ৰতিম বৰুৱা ,জিলা আয়ুক্ত কিমনে সাংচন , বিধায়ক মনেশ্বৰ ব্ৰহ্মকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু