
বৰপেটা, ০১ জুলাই (হি.স.)। জনীয়া গাওঁ পঞ্চায়তত ৪৪ সংখ্যক বৰপেটা জিলা দিৱস উদযাপন। আজি বৰপেটা জিলাৰ ৪৪ সংখ্যক জন্ম দিৱস। ১৯৮৩ চনৰ আজিৰ পৱিত্ৰ দিনটোতে কামৰূপ জিলাৰ পৰা বৰপেটা জিলা নামৰ এখন ঐতিহ্য মণ্ডিত জিলাৰ জন্ম হৈছিল।
আজি বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ৫৬ নং জনীয়া গাওঁ পঞ্চায়ত কাৰ্যালয়তো ৪৪ সংখ্যক বৰপেটা জিলা দিৱস উদযাপন কৰে। জনীয়া গাওঁ পঞ্চায়তৰ সভানেত্ৰী, সচিব আৰু পঞ্চায়তৰ অন্যান্য কৰ্মচাৰীসকলে, গাওঁ পঞ্চায়তখনৰ জীৱিকা সখী, আত্ম সহায়ক গোটৰ ভালেসংখ্যক সদস্যা আৰু শতাধিক ৰাইজৰ উপস্থিতিত কেক কাটি উলহ মালহেৰে এই দিৱস উদযাপন কৰা পৰিলক্ষিত হয়। বৰপেটা জিলা দিৱস উদ্যাপনৰ লগত সংগতি ৰাখি গাওঁ পঞ্চায়তখনৰ সভানেত্ৰী আফছানা পাৰবিনৰ পৌৰোহিত্যত এখন বিশেষ শিবিৰ অনুষ্ঠিত কৰে। উক্ত শিবিৰত VB-G RAM-G (ভি বি জি ৰাম জি), PMAY-G (পি এম এ বাই জি), DLC (ডি এল চি) আদিৰ ওপৰত বিতংভাৱে আলোচনা কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু