
শোণিতপুৰ, ০১ জুলাই (হি.স.)। তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মৰ্গত ৰখা হৈছে দুজন পৰিচয় বিহীন লোকৰ মৃতদেহ। য’তে ৰাতি ত’তে কাটিৰ দৰে এক গৃহহীন জীৱন অতিবাহিত কৰাৰ পাছত এই দুজন ব্যক্তিক অসুস্থ হৈ পথৰ দাঁতিত পৰি থকা অৱস্থাত কোনো লোকে দেখা পায় পাঁচদিন পূৰ্বে তেওঁলোকক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত এৰি থৈ গৈছিল ৷পৰৱৰ্তী সময়ত দুইজন লোকক চিকিৎসালয় চৌহদত থকা আৰক্ষীয়ে তেজপুৰ চিকিৎসামহাবিদ্যালয় হাস্পতালত ভৰ্ত্তি কৰাই য’দিও যোৱা নিশা এই দুজন লোকৰ মৃত্যু ঘটে ৷
আজি এই সন্দৰ্ভত স্থানীয় বিহগুৰি আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,মৃত্যু হোৱা এজন লোকৰ বয়স ৩৮বছৰ বুলি অনুমান কৰা হৈছে ৷ প্ৰায়ে অঞ্চলটোৰ পথৰ দাঁতিত থকা এটা জিৰণি চ’ৰাত আশ্ৰয় লোৱা এইজন ব্যক্তিৰ পৰিচয় উদ্ধাৰ হোৱা নাই ৷ আনহাতে আনজন ব্যক্তিৰ নাম একাংশ লোকে বাব্লু দাস বুলি প্ৰকাশ কৰিছে যদিও তেওঁৰ পৰিয়াল তথা ঠিকনাৰ সন্ধান ওলোৱা নাই ৷ টি চাৰ্ট আৰু পেন্ট পৰিধান কৰা লোকজনো এজন মগনীয়া হিচাপেই অঞ্চলটোত পৰিচিত আছিল ৷ বৰ্তমান এই দুইজন লোকৰ মৃতদেহ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মৰ্গতে ৰখা হৈছে আৰু তেওঁলোকৰ আত্মীয়ৰ সন্ধান কৰা হৈছে বুলিও সদৰি কৰিছে আৰক্ষীয়ে ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ