হোটেল, ৰেষ্টুৰেণ্টত, ধাবা আদিত ঘৰুৱা গেছ চিলিণ্ডাৰ ব্যৱহাৰৰ বিৰুদ্ধে ৰহা প্ৰশাসনৰ ব্যাপক অভিযান
নগাঁও, ০১ জুলাই (হি.স.)। হোটেল, ৰেষ্টুৰেণ্টত, ধাবা আদিত ঘৰুৱা গেছ চিলিণ্ডাৰ ব্যৱহাৰৰ বিৰুদ্ধে ৰহা প্ৰশাসনৰ ব্যাপক অভিযান৷ বুধবাৰে ৰহা সমজিলাৰ সহকাৰী আয়ুক্ত অৰুণাভ বৰুৱাৰ নেতৃত্বত যোগান বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ সহযোগত ৰহা চহৰৰ হোটেল ৰেষ্টুৰেণ্টৰ লগ
হোটেল, ৰেষ্টুৰেণ্টত, ধাবা আদিত ঘৰুৱা গেছ চিলিণ্ডাৰ ব্যৱহাৰৰ বিৰুদ্ধে ৰহা প্ৰশাসনৰ ব্যাপক অভিযান


নগাঁও, ০১ জুলাই (হি.স.)। হোটেল, ৰেষ্টুৰেণ্টত, ধাবা আদিত ঘৰুৱা গেছ চিলিণ্ডাৰ ব্যৱহাৰৰ বিৰুদ্ধে ৰহা প্ৰশাসনৰ ব্যাপক অভিযান৷ বুধবাৰে ৰহা সমজিলাৰ সহকাৰী আয়ুক্ত অৰুণাভ বৰুৱাৰ নেতৃত্বত যোগান বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ সহযোগত ৰহা চহৰৰ হোটেল ৰেষ্টুৰেণ্টৰ লগতে দীঘলীআটি আদিত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ধাবাসমূহত চলালে এই অভিযান৷

প্ৰশাসনৰ এই অভিযান কালত হোটেল, ৰেষ্টুৰেণ্ট আৰু ধাবাসমূহত অবৈধভাৱে ব্যৱহাৰ কৰা প্ৰায় ডেৰকুৰিতকৈও অধিক ঘৰুৱা চিলিণ্ডাৰ জব্দ কৰে প্ৰশাসনে৷ উল্লেখ্য যে ৰহাত গৰিষ্ঠসংখ্যক হোটেল, ৰেষ্টুৰেণ্টত আইন ভংগ কৰি অবৈধভাৱে বাণিজ্যিক চিলিণ্ডাৰৰ পৰিবৰ্তে ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰি আহিছে৷ যাৰ ফলত মাজে সময়ে ঘৰুৱা চিলিণ্ডাৰৰ কৃত্ৰিম নাটনিয়ে দেখা দিয়ে৷ বুধবাৰে ৰহা সমজিলা প্ৰশাসনে এই অবৈধ কাৰ্যৰ বিৰুদ্ধে অভিযান চলাই হোটেল ৰেষ্টুৰেণ্টৰ পৰা জব্দ কৰে ত্ৰিশতকৈও অধিক ঘৰুৱা চিলিণ্ডাৰ৷ লগতে ভৱিষ্যতে হোটেল ৰেষ্টুৰেণ্টত ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ নকৰিবলৈ সকিয়াই দিয়ে হোটেল ব্যৱসায়ীসকলক৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande