
নগাঁও, ০১ জুলাই (হি.স.)। জনীয়াত অসম কৃষি শ্ৰমিক ইউনিয়ন আৰু নিখিল ভাৰত কৃষক সভাৰ যৌথ উদ্যোগত এক বিক্ষোভ সমদল।এমজিএনআৰইজিএ বাহাল ৰখা, শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু ২০০দিনৰ কাম দিয়া টো নিশ্চিত কৰা দাবী জনায়।
জনীয়াৰ আঞ্চলিক গ্ৰাম উন্নয়ন কাৰ্যালয়ৰ পৰা জনীয়া গাঁও পঞ্চায়তৰ কাৰ্যালয়লৈ সমদলত শ্ৰমিক আৰু কৃষকে অংশগ্ৰহণ কৰে। VB-G RAM-G আইন বাতিল কৰক, MGNREGA বাহাল ৰাখক, ২০০ দিনৰ কৰ্ম নিশ্চিত কৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে পঞ্চায়তৰ কাৰ্যালয় চৌহদ। বিক্ষোভকাৰীসকলে জনীয়া গাঁও পঞ্চায়তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
এমজিএনআৰইজিএৰ অধীনত বছৰি ২০০ দিনৰ কৰ্মসংস্থাপন, দৈনিক ন্যূনতম ৬০০ টকা মজুৰি আৰু আঁচনিখনৰ বাবে পৰ্যাপ্ত বাজেট আবণ্টনৰ দাবী জনোৱা হয়। লগতে বিক্ষোভকাৰীসকলে স্পষ্টভাৱে জনায় যে, চৰকাৰে তেওঁলোকৰ দাবীসমূহ শীঘ্ৰে মানি নল'লে আগন্তুক দিনত সকলো শ্ৰমিক সংগঠনক লগত লৈ অধিক বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু