তেজপুৰত অবৈধভাৱে দান-বৰঙণি সংগ্ৰহৰ অভিযোগত এজনক কৰায়ত্ব
শোণিতপুৰ, ০১ জুলাই (হি.স.)। নামঘৰ নিৰ্মাণকে ধৰি নামঘৰীয়া সমাজৰ নামত চৰকাৰে প্ৰদান কৰা আঁচনিৰ ধন মোকলাই দিয়া আদি বিভিন্ন উপায়েৰে একাধিক অনুষ্ঠান তথা ব্যক্তিৰ পৰা অবৈধ ভাবে ধন সংগ্ৰহ কৰাৰ অভিযোগত আজি ধ্ৰুৱজ্যোতি ওৰফে ধন বনিয়া নামৰ লোকজনক আৰক্ষীয়ে গ
তেজপুৰত অবৈধভাৱে দান-বৰঙণি সংগ্ৰহৰ অভিযোগত এজনক কৰায়ত্ব


শোণিতপুৰ, ০১ জুলাই (হি.স.)।

নামঘৰ নিৰ্মাণকে ধৰি নামঘৰীয়া সমাজৰ নামত চৰকাৰে প্ৰদান কৰা আঁচনিৰ ধন মোকলাই দিয়া আদি বিভিন্ন উপায়েৰে একাধিক অনুষ্ঠান তথা ব্যক্তিৰ পৰা অবৈধ ভাবে ধন সংগ্ৰহ কৰাৰ অভিযোগত আজি ধ্ৰুৱজ্যোতি ওৰফে ধন বনিয়া নামৰ লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ উল্লেখযোগ্য যে গ্ৰেপ্তাৰ হোৱা লোকজন নামঘৰীয়াও সমাজৰ শোণিতপুৰ জিলাৰ প্ৰাক্তন সম্পাদক ৷

প্ৰণিধানযোগ্য যে, নামঘৰীয়া সমাজ শোণিতপুৰ জিলা সমিতিৰ সম্পাদকৰ দায়িত্বত থকা সময়চোৱাত এনে বিভিন্ন অভিযোগ উত্থাপিত হোৱাত ধ্ৰুৱজ্যোতি বণিয়াক নামঘৰীয়া সংগঠনৰ পৰা বহিস্কৃত কৰিছিল ৷ সম্প্ৰতি তেওঁ নামঘৰীয়া সমাজৰ স'তে প্ৰত্যক্ষভাৱে জড়িত নথকাৰ পিছতো ৰছিদ বহী চপাই অনুৰূপ ধৰণেৰে ধন সংগ্ৰহ কৰি আহিছিল বুলি অভিযোগ উঠাৰ লগতে বিষয়টো নামঘৰীয়া সমাজ শোণিতপুৰ জিলা সমিতিৰ দৃষ্টিগোচৰ হোৱাত কেন্দ্ৰীয় সমিতিৰ পৰামৰ্শমতে আৰক্ষীৰ কাষ চাপে ৷

শোণিতপুৰ নামঘৰীয়া সমাজে শোণিতপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক দাখিল কৰা এজাহাৰৰ ভিত্তিত তেজপুৰ বেবেজীয়া আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰে প্ৰাক্তন জিলা সম্পাদক ধ্ৰুৱজ্যোতি ওৰফে ধন বণিয়াক ৷ ধৃত বণিয়া গাওঁৰক্ষী বাহিনীৰ স'তেও জড়িত আছিল ৷ আজি দিনত আৰক্ষীয়ে ধৃত বণিয়াক তেজপুৰ আদালতত হাজিৰ কৰাই আৰু আদালতে তেওঁক ন্যায়িক জিন্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande