জাগীৰোডৰ পৰিদৰ্শন বঙলাত বিজেপিৰ ৰুদ্ধদ্বাৰ বৈঠক
মৰিগাঁও, ০১ জুলাই (হি.স.)। জাগীৰোডৰ পৰিদৰ্শন বঙলাত বিজেপিৰ ৰুদ্ধদ্বাৰ বৈঠক। নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনক লৈ তৎপৰত শাসনাধিষ্ঠ দলটো, যিকোনো নিৰ্বাচনেই বিজেপিয়ে চিৰিয়াছলি খেলে বুলি মন্তব্য কৰি এইবাৰো বিজেপিয়ে জিকিবলৈয়ে নগাঁও লোকসভা উপ নিৰ্বাচন খ
জাগীৰোডৰ পৰিদৰ্শন বঙলাত বিজেপিৰ ৰুদ্ধদ্বাৰ বৈঠক


জাগীৰোডৰ পৰিদৰ্শন বঙলাত বিজেপিৰ ৰুদ্ধদ্বাৰ বৈঠক


মৰিগাঁও, ০১ জুলাই (হি.স.)। জাগীৰোডৰ পৰিদৰ্শন বঙলাত বিজেপিৰ ৰুদ্ধদ্বাৰ বৈঠক। নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনক লৈ তৎপৰত শাসনাধিষ্ঠ দলটো, যিকোনো নিৰ্বাচনেই বিজেপিয়ে চিৰিয়াছলি খেলে বুলি মন্তব্য কৰি এইবাৰো বিজেপিয়ে জিকিবলৈয়ে নগাঁও লোকসভা উপ নিৰ্বাচন খেললিব বুলিও দৃঢ়তাৰে কয় মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷

জাগীৰোডত অনুষ্ঠিত হোৱা বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ পিছতে এনেদৰে মন্তব্য কৰি বিজেপিয়ে মিটিং পাতি লাভ নাই বুলি গৌৰৱ গগৈয়ে কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পীয়ুষ হাজৰিকাই ৷ বিজেপিক নিঃশেষ কৰাৰ হুংকাৰ দিয়া গৌৰৱ গগৈয়ে কিয় বেয়াকৈ হাৰিছে বুলি প্ৰশ্ন কৰি সেয়া প্ৰথমে অনুধাৱন কৰিবলৈয়ো আহ্বান আহ্বান জনায় । এই বৈঠকত ৰবীন্দ্ৰ ৰাজু, দিপ্লুৰঞ্জন শৰ্মা, প্ৰদ্যুৎ বৰদলৈ, সুৰেশ বৰা, ৰমাকান্ত দেউৰী, ৰূপক শৰ্মা, শশীকান্ত দাসৰ উপৰিও ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande