
বাক্সা, ০১ জুলাই (হি.স.)। বিশ্বকাপ মহাৰণত ফ্ৰান্সক সমৰ্থন হাগ্ৰামা মহিলাৰীৰ।
চলি আছে বিশ্বকাপ তাৰ মাজতেই হাগ্ৰামা মহিলাৰীয়ে অৰ্জেৰ্টিনা ব্ৰাজিলক ভাল দল বুলি প্ৰশংসা কৰি ফ্ৰান্সলৈ আগবঢ়ালে সমৰ্থন।
আজি মুছলপুৰত অনুষ্ঠিত বিটিচিৰ বিভাগীয় পৰ্যাবেক্ষণ বৈঠকত অংশ লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্যৰ লগতে বিশ্বকাপ ফুটবলৰ ওপৰত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মনৰ কথা কলে ।
প্ৰতিটো বিভাগৰ সৈতে মত বিনিময় কৰি আগন্তুক দিনত বিটিচিক উন্নয়নৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ প্ৰয়াস হাগ্ৰামা মহিলাৰীৰ ।
বিটিচিত চৰ্চিত উচ্ছেদ প্ৰসংগতো মত প্ৰকাশ হাগ্ৰামা মহিলাৰীৰ । বিটিচিত উচ্ছেদ নহয়, পৰ্যালোচনা কৰি স্থানান্তৰিতহে কৰা হয়।
প্ৰমোদ বড়োৰ দিনত চৰকাৰী চাকৰিৰ ক্ষেত্ৰত পৰ্যালোচনা কৰি যদিহে কোনো অনিয়ম সংঘটিত হোৱা নাই তেন্তে সেই চাকৰিসমূহ নিয়মীয়াকৰণ কৰা হ'ব বুলি মন্তব্য হাগ্ৰামা মহিলাৰীৰ ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা