
হোজাই, ০১ জুলাই (হি.স.)। লামডিং হাফলং সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক চালকৰ হাহাকাৰ।
ৰাষ্ট্ৰীয় ঘাইপথত ঘন্টা- ঘন্টা ধৰি আবদ্ধ বহু বাহন।
উল্লেখযোগ্য যে ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ গতি লেহেমীয়া হোৱাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে এতিয়া বানিজ্যিক গাড়ী সমূহৰ লগতে যাত্ৰীসকলৰ।হয় দিনে - নিশাই লামডিং ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ পৰে জাম,যাৰ বাবে এম্বুলেন্স,ফায়াৰ ব্ৰিগেডকে ধৰি বিভিন্ন জৰুৰীকালীন সেৱাৰ গাড়ীসমুহো আবদ্ধ হৈ পৰা পৰিলক্ষিত হয়।
আনহাতে এইদৰে পথত জাম হৈ পৰাৰ বাবে বিভিন্ন সময়ত ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে, কিন্তু সকলো দেখি শুনিও নিৰ্বিকাৰ হোজাই জিলা প্ৰশাসন তথা ডিমা হাছাও প্ৰশাসন।এই লামডিং - শিলচৰ সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৈনিক ভয়ঙ্কৰভাবে যানজত সৃষ্টি হয়।
জানিব পৰা মতে জাতিঙ্গাৰ পৰা হাৰাংগাজাও লোকে ৰাষ্ট্ৰীয় ঘাইপথটো জৰাজীৰ্ণ হোৱাৰ বাবেই চালক সকলৰ লগতে যাত্ৰীসকলৰ বাৰে বাৰে বিভিন্ন সমস্যাত ভুগিব লগা হৈছে।
এতিয়ালৈকে ৰাষ্ট্ৰীয় ঘাইপথটো মেৰামতি সম্পূৰ্ণ হোবা নাই যাৰফলত লামডিং তথা ডিমাহাচাৰ বিভিন্ন প্ৰান্তত শশ গাড়ী আবদ্ধ হবলগা হৈ্ছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা