দুলীয়াজানৰ ১৬ নম্বৰ তিনিআলিত এটা ডেম্পত উদ্ধাৰ অইল ইণ্ডিয়া লিমিটেডৰ চোৰাং মূল্যবান ভাল্ভ
ডিব্ৰুগড়, ০১ জুলাই (হি.স.)। দুলীয়াজানৰ ১৬ নম্বৰ তিনিআলিত এটা ডেম্পত উদ্ধাৰ অইল ইণ্ডিয়া লিমিটেডৰ চোৰাং মূল্যবান ভাল্ভ। অসমীয়া যুৱ মঞ্চৰ এটা সজাতি দলে পৱন গুপ্তা নামৰ ব্যৱসায়ী গৰাকীৰ ডেম্পত এ এছ ০৬ বি চি ৩৩৩৫ নম্বৰৰ গাড়ীখনত অইলৰ চোৰাং মূল্যবান
দুলীয়াজানৰ ১৬ নম্বৰ তিনিআলিত এটা ডেম্পত উদ্ধাৰ অইল ইণ্ডিয়া লিমিটেডৰ চোৰাং মূল্যবান ভাল্ভ


ডিব্ৰুগড়, ০১ জুলাই (হি.স.)। দুলীয়াজানৰ ১৬ নম্বৰ তিনিআলিত এটা ডেম্পত উদ্ধাৰ অইল ইণ্ডিয়া লিমিটেডৰ চোৰাং মূল্যবান ভাল্ভ। অসমীয়া যুৱ মঞ্চৰ এটা সজাতি দলে পৱন গুপ্তা নামৰ ব্যৱসায়ী গৰাকীৰ ডেম্পত এ এছ ০৬ বি চি ৩৩৩৫ নম্বৰৰ গাড়ীখনত অইলৰ চোৰাং মূল্যবান ভাল্ভ সমূহ জব্দ কৰি আৰক্ষীক খবৰ দিয়ে।

উক্ত খবৰৰ ভিত্তিত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বাহনখনৰ সৈতে অইলৰ চোৰাং ভাল্ভ সমূহ জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে। ইফালে বাহনখনৰ চালকক গৰাকীক আৰক্ষীয়ে আটক কৰি থানাত মাৰাথান জেৰা অব্যাহত ৰাখিছে।দুলীয়াজানত কাঠফুলাৰ দৰে অলিয়ে-গলিয়ে গঢ় লৈ উঠা ডেম্প সমূহৰ ওপৰত তদন্ত কৰিবলৈ অসমীয়া যুৱ মঞ্চই আৰক্ষীক দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande