
যোৰহাট, ০১ জুলাই (হি.স.)। শিক্ষা আৰু সংস্কৃতিৰ নগৰী যোৰহাটত এখনি পূৰ্ণদৈৰ্ঘৰ অসমীয়া কথাছবিৰ শুভ মূহুৰত অনুষ্ঠান সম্পন্ন
যোৰহাটৰ চাৰি গাঁৱৰ নিবাসী দিলীপ কুমাৰ বৰুৱাৰ পঞ্চৱতীত অৱস্থিত বাসগৃহত নতুন পূৰ্ণদৈৰ্ঘ্য ছবি খোজে খোজে জীৱনৰ শুভ মূহুৰত অনুষ্ঠান সুকলমে অনুষ্ঠিত হয়।
Pixelray Filmsৰ ধ্ৰুৱ জে বৰদলৈৰ পৰিচালনা আৰু Vision Creationৰ ডা০ জয়ন্ত দাস, অনিমেষ বৰুৱা আৰু ৰোমান বৰদলৈৰ প্ৰযোজনাৰে খোজে খোজে জীৱন ছবিখনৰ সম্পূৰ্ণ দৃশ্যগ্ৰহণ যোৰহাটতে কৰা হ'ব। ছবিখনত গীতাৱলী ৰাজকুমাৰী, জয়ন্ত দাস, জয়ন্ত নাথ, মানস জ্যোতি বৰা, পবিত্ৰ বৰুৱা প্ৰমুখ্যে বহু বিশিষ্ট অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিব।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু