ইন্ধনৰ খুচুৰা বিক্ৰেতা নায়াৰা এনাৰ্জীৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰি বাৰিষাৰ উপহাৰ
- পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত ৫₹ পৰ্যন্ত আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৩ ₹ পৰ্যন্ত হ্ৰাস- চৰকাৰী মালিকানাধীন পেট্ৰল পাম্পত মূল্যৰ কোনো পৰিৱৰ্তন নহয় নতুন দিল্লী, ০১ জুলাই (হি.স.)। দেশৰ ব্যক্তিগত খণ্ডৰ বৃহৎ ইন্ধন খুচুৰা বিক্ৰেতা নায়াৰা এনাৰ্জীয়ে
प्रतीकात्मक


- পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত ৫₹ পৰ্যন্ত আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৩ ₹ পৰ্যন্ত হ্ৰাস- চৰকাৰী মালিকানাধীন পেট্ৰল পাম্পত মূল্যৰ কোনো পৰিৱৰ্তন নহয়

নতুন দিল্লী, ০১ জুলাই (হি.স.)। দেশৰ ব্যক্তিগত খণ্ডৰ বৃহৎ ইন্ধন খুচুৰা বিক্ৰেতা নায়াৰা এনাৰ্জীয়ে আজি পেট্ৰ’ল-ডিজেল গ্ৰাহকক মূল্য হ্ৰাস কৰি বাৰিষাৰ উপহাৰৰ কথা ঘোষণা কৰে। প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৫₹ আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৩₹ হ্ৰাস কৰা হৈছে। এই হ্ৰাসসমূহ সমগ্ৰ দেশতে নায়াৰা এনাৰ্জীৰ ৭ হাজাৰৰো অধিক পেট্ৰ’ল পাম্পত কাৰ্যকৰী কৰা হৈছে। কিন্তু বিভিন্ন ৰাজ্যত আৰোপ কৰা মূল্য সংযোজিত কৰ (VAT) আৰু স্থানীয় কৰৰ বাবে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যৰ প্ৰকৃত হ্ৰাসৰ ভিন্নতা থাকিব পাৰে।

খবৰ অনুসৰি আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ পিছতে নায়াৰা এনাৰ্জীয়ে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। মন কৰিবলগীয়া যে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য পশ্চিম এছিয়াত যুদ্ধ আৰম্ভ হোৱাৰ আগতে দেখা পোৱা স্তৰৰ ওচৰ চাপিছে। পশ্চিম এছিয়াত যুদ্ধ আৰম্ভ হোৱাৰ পিছত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১২০ ডলাৰ হৈছিল যদিও এতিয়া ইয়াৰ মূল্য প্ৰতি বেৰেলত ৭০ ডলাৰলৈ হ্ৰাস পাইছে।

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ পিছত ভাৰততো পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস পোৱাৰ আশা কৰা হৈছিল। এই প্ৰত্যাশাৰ লগত সংগতি ৰাখি আজি নায়াৰা এনাৰ্জীয়ে পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন (আই অ’ চি), হিন্দুস্তান পেট্ৰলিয়াম (এইচ পি চি এল), ভাৰত পেট্ৰলিয়াম (বি পি চি এল) আদি চৰকাৰী তেল বিপণন কোম্পানীয়ে এতিয়াও পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস কৰাৰ কোনো সিদ্ধান্ত লোৱা নাই।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande