ৰাষ্ট্ৰীয় ঘাইপথ–২৭ত অচলাবস্থা: দুদিন ধৰি যানজঁটত আবদ্ধ শতাধিক বাহন, চূড়ান্ত দুৰ্ভোগত চালক-যাত্ৰীৰ
হোজাই, ০১ জুলাই (হি.স.)। ৰাষ্ট্ৰীয় ঘাইপথ–২৭ত অচলাবস্থা: দুদিন ধৰি যানজঁটত আবদ্ধ শতাধিক বাহন, চূড়ান্ত দুৰ্ভোগত চালক-যাত্ৰী লামডিং–হাফলং সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ সৃষ্টি হোৱা ভয়াৱহ যানজঁটে সমগ্ৰ অঞ্চলৰ যোগাযোগ ব্যৱস্থাক প্ৰায় অচল কৰি
ৰাষ্ট্ৰীয় ঘাইপথ–২৭ত অচলাবস্থা: দুদিন ধৰি যানজঁটত আবদ্ধ শতাধিক বাহন, চূড়ান্ত দুৰ্ভোগত চালক-যাত্ৰীৰ


হোজাই, ০১ জুলাই (হি.স.)। ৰাষ্ট্ৰীয় ঘাইপথ–২৭ত অচলাবস্থা: দুদিন ধৰি যানজঁটত আবদ্ধ শতাধিক বাহন, চূড়ান্ত দুৰ্ভোগত চালক-যাত্ৰী

লামডিং–হাফলং সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ সৃষ্টি হোৱা ভয়াৱহ যানজঁটে সমগ্ৰ অঞ্চলৰ যোগাযোগ ব্যৱস্থাক প্ৰায় অচল কৰি তুলিছে। বিগত দুদিন ধৰি শতাধিক মালবাহী ট্ৰাক, বাণিজ্যিক বাহন আৰু যাত্ৰীবাহী যানবাহন দীঘলীয়া যানজঁটত আবদ্ধ হৈ থকাত চালক, যাত্ৰী, ব্যৱসায়ী তথা নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ পৰিবহণ ব্যৱস্থা ব্যাপকভাৱে ব্যাহত হৈছে।

স্থানীয় সূত্ৰৰ মতে, জাতিঙ্গাৰ পৰা হাৰাংগাজাওলৈ বিস্তৃত ঘাইপথৰ জৰাজীৰ্ণ অৱস্থা, অসম্পূৰ্ণ নিৰ্মাণকাৰ্য আৰু মন্থৰ গতিত চলি থকা মেৰামতিৰ ফলতেই এই সংকটজনক পৰিস্থিতিৰ উদ্ভৱ হৈছে। পথৰ বহু অংশত কাদাময় অৱস্থা, গাঁত, ভগ্ন পথ আৰু সংকুচিত চলাচল ব্যৱস্থাই ঘণ্টাৰ পিছত ঘণ্টা যানবাহন আবদ্ধ হৈ থকাৰ পৰিৱেশ সৃষ্টি কৰিছে।

যানজঁটৰ তীব্ৰতাই কেৱল সাধাৰণ যাত্ৰী বা বাণিজ্যিক পৰিবহণকেই নহয়, জীৱন ৰক্ষাকাৰী জৰুৰীকালীন সেৱাকো গভীৰভাৱে প্ৰভাৱিত কৰিছে। এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আৰু অন্যান্য জৰুৰীকালীন বাহনসমূহো দীৰ্ঘ সময় যানজঁটত আবদ্ধ হৈ পৰাৰ ঘটনাই জনসাধাৰণৰ মাজত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে।

চালকসকলে অভিযোগ কৰা মতে, ঘণ্টাৰ পিছত ঘণ্টা পথত আবদ্ধ হৈ থাকিবলগীয়া হোৱাৰ ফলত ইন্ধনৰ অপচয়, সময়ৰ ক্ষতি, আৰ্থিক লোকচান আৰু মানসিক চাপ ক্ৰমাৎ বৃদ্ধি পাইছে। আনহাতে, নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ যোগান ব্যৱস্থাও এই পৰিস্থিতিৰ ফলত ব্যাহত হোৱাৰ আশংকা ব্যক্ত কৰা হৈছে।

উল্লেখযোগ্য যে, লামডিং–শিলচৰ সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ডিমা হাছাও পাহাৰীয়া অঞ্চল আৰু বৰাক উপত্যকাৰ সৈতে অসমৰ মূল ভূখণ্ডৰ এক অতি গুৰুত্বপূৰ্ণ সংযোগসূত্ৰ। কিন্তু দীঘলীয়া সময় ধৰি পথটোৰ নিৰ্মাণ আৰু সংস্কাৰ কাৰ্য অসম্পূৰ্ণ হৈ থকাৰ ফলত প্ৰতিদিনেই তীব্ৰ যানজঁটৰ সৃষ্টি হোৱাৰ লগতে পথ দুৰ্ঘটনাৰ সংখ্যাও উদ্বেগজনকভাৱে বৃদ্ধি পাইছে।

স্থানীয় ৰাইজ, পৰিবহণ ব্যৱসায়ী, চালক আৰু যাত্ৰীসকলে অভিযোগ উত্থাপন কৰিছে যে, সমস্যাটো দীৰ্ঘদিন ধৰি চলি থকাৰ পিছতো সংশ্লিষ্ট বিভাগ, ঠিকাদাৰী সংস্থা তথা হোজাই আৰু ডিমা হাছাও জিলা প্ৰশাসনৰ ফালৰ পৰা দৃশ্যমান আৰু ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। তেওঁলোকে যুদ্ধকালীন তৎপৰতাৰে নিৰ্মাণ আৰু মেৰামতিৰ কাম সম্পূৰ্ণ কৰি এই গুৰুত্বপূৰ্ণ আন্তঃজিলা ঘাইপথত স্বাভাৱিক যান চলাচল পুনৰ নিশ্চিত কৰাৰ দাবী জনাইছে।

বৰ্ষাকালত পথৰ অৱস্থা অধিক জটিল হৈ পৰাৰ আশংকাৰ মাজতে অঞ্চলবাসীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষৰ তাৎক্ষণিক হস্তক্ষেপ বিচাৰিছে। জনদুৰ্ভোগ লাঘৱ, জৰুৰীকালীন সেৱাৰ নিৰবচ্ছিন্ন চলাচল আৰু এই ৰাষ্ট্ৰীয় ঘাইপথত সুৰক্ষিত, বাধাহীন যোগাযোগ ব্যৱস্থা নিশ্চিত কৰিবলৈ অবিলম্বে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande