
নলবাৰী, ০১ জুলাই (হি.স.)। সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহোযোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বিশেষ অভিনন্দন অনুষ্ঠান।নলবাৰীত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰুজউদ্দিন আহমেদৰ সভাপতিত্বত বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়।অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কংকন কলিতাই। বিশেষ অভিনন্দন অনুষ্ঠান উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি ভৱজিত বেজবৰুৱাই ।
সভাত বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব ড° ৰঞ্জন কুমাৰ কাকতিয়ে। মুখ্য অতিথি হিচাপে বক্তব্য প্ৰদান কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই ছাত্ৰ -ছাত্ৰী সকলক উদ্দেশ্যি কয় যে অভিনন্দন অনুষ্ঠানৰ তাৎপৰ্য কি তাক উপলব্ধি কৰিব লাগিব ।কৃতি মান ছাত্ৰ- ছাত্ৰী ব্যক্তিগত সফলতা সমাজ এখনে উৎযাপন কৰে সেই উপলব্ধি ছাত্ৰ- ছাত্ৰী সকলোৱে কৰি সমাজ খনৰ প্ৰতি দায়িত্বশীল হৱ লাগিব । বিশেষ অভিনন্দন অনুষ্ঠানৰ জৰিয়তে নলবাৰী জিলালৈ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত ৮৫% ওপৰত ২১২ গৰাকী আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯০% ওপৰত নম্বৰ প্ৰাপ্ত ৫২ গৰাকী কৃতিমান ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱা লগতে কৃতিমান ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰা ৬৩ খন শিক্ষানুষ্ঠানৰ সন্মানীয় শিক্ষাগুৰুক সম্বৰ্ধনা জনোৱা হয়।মুঠ ২৬৪ গৰাকী ছাত্ৰ-ছাত্ৰী অভিনন্দন জনোৱা হয়। ইপিনে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক যোগান ধৰা সমবেশ সম্পৰ্কতো মন্তব্য প্ৰকাশ কৰে উৎপল শৰ্মাই। ছশ টকাত দুযোৰ কাপোৰ দিয়া সম্পৰ্কত মন্তব্য কৰি ছাত্ৰ ছাত্ৰী সকল ভোটাৰ হলে হয়টো এই ছশ টকাৰ সলনি বেলেগ হলহেঁতেন বুলিও মন্তব্য প্ৰকাশ কৰে। একেদৰে অসমে এফালে বাংলাদেশী বহিৰাগত আৰু বহিঃৰাজ্যৰপৰা অহা বহিৰাগতৰ লগত সমানে যুঁজি থাকিব লগীয়া হৈছে বুলিও মন্তব্য প্ৰকাশ কৰে।।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা