
নতুন দিল্লী, ০১ জুলাই (হি.স.)। ৰাষ্ট্ৰীয় চিকিৎসা বিজ্ঞান পৰীক্ষা ব’ৰ্ডে প্ৰকাশ কৰিছে নীট-পিজি ২০২৬ পৰীক্ষাৰ অধিসূচনা। ৩০ আগষ্টত দেশৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰত কম্পিউটাৰ ভিত্তিক পৰীক্ষা (চিবিটি) মোডত অনুষ্ঠিত হ’ব এই পৰীক্ষা। ১ জুলাইৰ পৰা ৫:০০ বজাৰ পৰা আৰম্ভ হ’ব অনলাইন আবেদন প্ৰক্ৰিয়া আৰু ২১ জুলাইৰ নিশা ১১:৫৫ বজালৈকে চলিব।
এনবিইএমএছৰ মতে, যোগ্যতাৰ মাপকাঠী, মাচুলৰ গঠন, পৰীক্ষাৰ আঁচনি, আৰু পৰীক্ষাৰ সৈতে জড়িত অন্যান্য বিশদ তথ্য তথ্য বুলেটিনত উপলব্ধ। ১ জুলাইৰ বিয়লি ৪:০০ বজাৰ পৰা ৱেবছাইটত উপলব্ধ কৰা হৈছিল তথ্য বুলেটিন।
প্ৰকাশিত সময়সূচী অনুসৰি অহা ১১ আগষ্টত পৰীক্ষাৰ্থীসকলক তেওঁলোকৰ পৰীক্ষা চহৰৰ বিষয়ে অৱগত কৰা হ’ব।৩০ ছেপ্টেম্বৰৰ ভিতৰত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা আছে।
আবেদনৰ পূৰ্বে তথ্য বুলেটিন ভালদৰে পঢ়ি সময়সীমালৈ অপেক্ষা নকৰাকৈ সময়মতে আৱেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ দিছে ব’ৰ্ডে। আবেদনৰ অন্তিম তাৰিখৰ পিছত যিকোনো মাধ্যমৰ জৰিয়তে আবেদন গ্ৰহণৰ বাবে কৰা অনুৰোধ বিবেচনা কৰা নহ’ব।
এনবিইএমএছেও স্পষ্ট কৰি দিছে যে এইবাৰ পৰীক্ষা নগৰ বা পৰীক্ষা কেন্দ্ৰৰ আবণ্টন প্ৰথমে অহা প্ৰথমে পোৱাৰ ভিত্তিত কৰা নহ’ব। অৰ্থাৎ আগতীয়াকৈ আবেদন দাখিল কৰিলে কোনো বিশেষ ৰাজ্য, চহৰ বা পৰীক্ষা কেন্দ্ৰলৈ আবণ্টনৰ ক্ষেত্ৰত কোনো অগ্ৰাধিকাৰ দিয়া নহ’ব।
ব’ৰ্ডে প্ৰাৰ্থীসকলক নীট-পিজি ২০২৬ ৰ সৈতে জড়িত যিকোনো প্ৰশ্ন, স্পষ্টীকৰণ, বা সহায়ৰ বাবে কেৱল এনবিইএমএছৰ অফিচিয়েল যোগাযোগ ৱেব পৰ্টেল ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে। অন্য মাধ্যমৰ জৰিয়তে প্ৰেৰণ কৰা প্ৰশ্ন বা প্ৰতিনিধিত্ব বিবেচনা কৰা নহ’ব আৰু পলম হ’ব পাৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া