
বাক্সা, ০১ জুলাই (হি.স.): বিটিচি -ৰ মুখ্য কাৰ্যবাহী সদস্য (চিইএম) হাগ্ৰামা মহিলাৰীয়ে আজি মুছলপুৰৰ সাংস্কৃতিক প্ৰকল্পত এক বিস্তৃত পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে।
বিটিচি প্ৰধান গৰাকীয়ে বাক্সা জিলাত ৰূপায়ণ হৈ থকা বিভিন্ন উন্নয়নমূলক আঁচনি আৰু আন্তঃগাঁথনি প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।
বৈঠকত গড়কপ্তানি (পথ) বিভাগ, গড়কপ্তানি (গৃহ) বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, আৰু পৌৰসভা (নগৰ উন্নয়ন) কে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ কাম- কাজ আৰু অগ্ৰগতিৰ বুজ লোৱা হয়।
ইয়াৰ উপৰিও ১৫ সংখ্যক বিত্তীয় আয়োগ আৰু ষষ্ঠ ৰাজ্যিক বিত্তীয় আয়োগৰ অধীনত চলি থকা কাম-কাজৰো পৰ্যালোচনা কৰা হয়।
আন্তঃগাঁথনি প্ৰকল্পসমূহৰ স্থিতি আৰু কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ প্ৰধান ফ্লেগশ্বিপ আঁচনিসমূহ— যেনে PMAY-G, ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী (NSAP), মনৰেগা (MGNREGA), বিকশিত ভাৰত–গাৰান্তী ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন (গ্ৰামীণ) [VB-G RAM(G)], অসম মালা আৰু পৌৰসভা বোৰ্ডৰ অধীনৰ বিভিন্ন নগৰ উন্নয়নমূলক পদক্ষেপসমূহৰ ৰূপায়ণৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়।
জিলাখনৰ উন্নয়নমূলক কাম-কাজৰ সামগ্ৰিক অগ্ৰগতিত সন্তোষ প্ৰকাশ কৰি বিটিচি প্ৰধানে জনসাধাৰণে যাতে সৰ্বাধিক সুবিধা লাভ কৰিব পাৰে, তাৰ বাবে চলি থকা সকলো প্ৰকল্প নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰা, গুণগত মানদণ্ড বজাই ৰখা আৰু কাৰ্যকৰী নিৰীক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
মহিলাৰীয়ে সকলো বিধায়ক আৰু এমচিএলএ (MCLA)-ক উন্নয়নমূলক আঁচনিসমূহৰ ৰূপায়ণ আৰু অগ্ৰগতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ নিয়মীয়াকৈ ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও তেওঁ জানিবলৈ দিয়ে যে তেওঁ নিজেই প্ৰকল্প স্থলীবোৰলৈ গৈ কামৰ মানদণ্ড আৰু গতিবেগৰ বুজ ল’ব। তদুপৰি, জৱাবদিহিতা নিশ্চিত কৰিবলৈ, প্ৰকল্পৰ ৰূপায়ণ ক্ষিপ্ৰ কৰিবলৈ আৰু যিকোনো সমস্যাক তাৎক্ষণিকভাৱে সমাধান কৰিবলৈ এনেধৰণৰ পৰ্যালোচনা বৈঠক নিয়মীয়াকৈ অনুষ্ঠিত কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে।
বিটিচি প্ৰধানে সকলো বিষয়া-কৰ্মচাৰীক উৎসৰ্গিত মনোভাৱ, দায়িত্বশীলতা আৰু সমন্বয়েৰে কাম কৰিবলৈ আহ্বান জনায়, যাতে জনসাধাৰণৰ আকাংক্ষাপূৰণ কৰিব পৰা যায় আৰু সমগ্ৰ বড়োলেণ্ডৰ আন্তঃগাঁথনি শক্তিশালী কৰি তুলিব পৰা যায়।
এই বৈঠকত বিধায়ক থানেশ্বৰ বসুমতাৰী, বিধায়ক মনেশ্বৰ ব্ৰহ্ম, কাৰ্যবাহী সদস্য বেগম আখতাৰা আৰু আগষ্টুছ টিগ্গা, বিটিচিৰ সচিব তথা বাক্সা জিলাৰ ভাৰপ্ৰাপ্ত বিষয়া মানস দাস, ডিআৰডিএ (DRDA)-ৰ প্ৰকল্প সঞ্চালক বাহাৰুল ইছলামৰ লগতে সংশ্লিষ্ট বিভাগসমূহৰ জ্যেষ্ঠ বিষয়াসকলে এই বৈঠকত অংশগ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ