বাণিজ্যিক এল পি জি চিলিণ্ডাৰ ₹১৮৩.৫০ লৈকে হ্ৰাস
নতুন দিল্লী, ০১ জুলাই (হি.স.)। জুলাই মাহৰ প্ৰথম দিনটোত দেশৰ তেল বিপণন কোম্পানীসমূহে ১৯ কিলোগ্ৰামৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰে। এই হ্ৰাসৰ পিছত বিভিন্ন ৰাজ্যত বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ দৰ ₹১৭৪ৰ পৰা ₹১৮৩.৫০ লৈকে সস্তা হৈ পৰিছে।
प्रतीकात्मक


নতুন দিল্লী, ০১ জুলাই (হি.স.)। জুলাই মাহৰ প্ৰথম দিনটোত দেশৰ তেল বিপণন কোম্পানীসমূহে ১৯ কিলোগ্ৰামৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰে। এই হ্ৰাসৰ পিছত বিভিন্ন ৰাজ্যত বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ দৰ ₹১৭৪ৰ পৰা ₹১৮৩.৫০ লৈকে সস্তা হৈ পৰিছে। দিল্লীত সৰ্বাধিক ১৮৩.৫০ ₹ মূল্য হ্ৰাস হোৱাৰ বিপৰীতে সৰ্বনিম্ন ১৭৪ ₹ কলকাতাত হ্ৰাস পাইছে।

গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাসে ৰেষ্টুৰেণ্ট, ধাবা, বা কেটাৰিং সেৱা চলোৱা বাণিজ্যিক গ্ৰাহকক সকাহ দিব। এল পি জি গেছৰ এই মূল্য হ্ৰাস কেৱল বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰতহে প্ৰযোজ্য। ১৪.২ কিলোগ্ৰামৰ ঘৰুৱা এল পি জি চিলিণ্ডাৰ (ৰন্ধন গেছ)ৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই।

তেল বিপণন কোম্পানীটোৰ মতে, মূল্য হ্ৰাসৰ পিছত দিল্লীৰ বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰ ১৮৩.৫০ টকা সস্তা হৈ এতিয়া ৩,১১৩.৫০ টকাৰ পৰিৱৰ্তে ২,৯৩০ টকাত উপলব্ধ হৈছে। একেদৰে মুম্বাইত ১৮২ টকা সস্তা হৈ পৰা বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰ ২৮৮৫.৫০ টকাত উপলব্ধ । কলকাতাত বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য ১৭৪ টকা হ্ৰাস কৰা হৈছে । আজিৰ পৰা কলকাতাত ১৯ কেজি এল পি জি গেছ চিলিণ্ডাৰ ৩,০৮১.৫০ টকাত উপলব্ধ হৈছে ।

ইয়াৰ উপৰিও চেন্নাইৰ বাণিজ্যিক গেছ চিলিণ্ডাৰ ১৭৭ টকা সস্তা হৈ ৩১০৬ টকালৈ নামি আহিছে। দিল্লীৰ কাষৰীয়া এনচিআৰ অঞ্চলৰ কথা ক’বলৈ গ’লে নয়ডাত বাণিজ্যিক গেছ চিলিণ্ডাৰটো ২৯৩০ টকাত উপলব্ধ, যিটো ১৮৩.৫০ টকা সস্তা, আনহাতে গুৰুগ্ৰামত ১৯ কেজি এলপিজি গেছ চিলিণ্ডাৰৰ মূল্য ১৮২.৫০ টকা হ্ৰাস পাই ২,৯৪৭.৫০ টকা হয়গৈ।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande