অৱশেষত গা লৰিল ৰেল বিভাগৰ, মেৰামতি কৰা হৈছে কামপুৰ উৰণ সেতুৰ
নগাঁও, ০১ জুলাই (হি.স.)। অৱশেষত গা লৰিল ৰেল বিভাগৰ, মেৰামতি কৰা হৈছে কামপুৰ উৰণ সেতুৰ। উৰণ সেতু খনৰ মাজত কংক্ৰিট এৰাই সৃষ্টি হৈছে গাঁতৰ। কামপুৰ উৰণ সেতু খনত মেলিছিল বৃহৎ বৃহৎ ফাঁট । উৰণ সেতু খনৰ কেইবা ঠাইতো বেলুনৰ দৰে ফুলি যোৱাৰ লগতে কংক্ৰিট ভাঙি
অৱশেষত গা লৰিল ৰেল বিভাগৰ, মেৰামতি কৰা হৈছে কামপুৰ উৰণ সেতুৰ


নগাঁও, ০১ জুলাই (হি.স.)। অৱশেষত গা লৰিল ৰেল বিভাগৰ, মেৰামতি কৰা হৈছে কামপুৰ উৰণ সেতুৰ। উৰণ সেতু খনৰ মাজত কংক্ৰিট এৰাই সৃষ্টি হৈছে গাঁতৰ। কামপুৰ উৰণ সেতু খনত মেলিছিল বৃহৎ বৃহৎ ফাঁট ।

উৰণ সেতু খনৰ কেইবা ঠাইতো বেলুনৰ দৰে ফুলি যোৱাৰ লগতে কংক্ৰিট ভাঙি লোহাৰৰ ৰ'ড পৰ্যন্ত ওলাই যোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । যাৰ বাতৰি সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতে ৰেল বিভাগ তৎপৰ হৈ মেৰামতি কাম হাতত লৈছে ৷ এটা বছৰো সম্পূৰ্ণ নৌহওতেই ৮৩ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা এই উৰণ সেতুখনৰ বিভিন্ন স্থানত পকী অংশ সমূহ এৰাই যোৱাত সচেতন ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উৰণ সেতুখন নিৰ্মাণৰ সময়তে বিসংগতি সমূহ দেখাই দিছিল সচেতন ৰাইজে, কিন্তু গুৰুত্ব নিদিলে ঠিকাদাৰ তথা ৰে'ল বিভাগে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande