
নতুন দিল্লী, ০১ জুলাই (হি.স.)। চৰকাৰী তেল বিপণন কোম্পানীসমূহে জেট ইন্ধন বা এভিয়েশন টাৰ্বাইন ইন্ধন (এটিএফ)ৰ মূল্য প্ৰতি লিটাৰত ৫ টকা হ্ৰাস কৰিছে। আজিৰ পৰা কাৰ্যকৰী। এই হ্ৰাসৰ পিছতে ৰাজধানী নতুন দিল্লীত জেট ইন্ধনৰ মূল্য প্ৰতি লিটাৰত ১১৫ টকাৰ পৰা হ্ৰাস পাই প্ৰতি লিটাৰত ১১০ টকা হয়গৈ। বাল্ক ৰেটৰ ক্ষেত্ৰত জেট ইন্ধনৰ মূল্য প্ৰতি কিলোলিটাৰত ১.১৫ লাখৰ পৰা হ্ৰাস কৰি প্ৰতি কিলোলিটাৰত ১.১০ লাখ টকা। এই মূল্য হ্ৰাসে ঘৰুৱা বিমান সংস্থাসমূহক কিছু সকাহ দিব।
আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ পিছতে জেট ইন্ধনৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে। পশ্চিম এছিয়াত যুদ্ধ আৰম্ভ হোৱাৰ পিছত জেট ইন্ধনৰ মূল্যই অভিলেখ সৃষ্টি কৰি প্ৰতি কিলোলিটাৰত ১.১৫ লাখ টকা হৈছিলগৈ। অভিলেখ সৃষ্টি কৰা উচ্চ দৰৰ পিছত এইটোৱেই হৈছে প্ৰথমটো মূল্য হ্ৰাস।
সাধাৰণতে আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ গড় মূল্য আৰু টকা আৰু ডলাৰৰ বিনিময় হাৰৰ ওপৰত ভিত্তি কৰি প্ৰতি মাহৰ প্ৰথম দিনাই জেট ইন্ধন বা এটিএফৰ মূল্য সংশোধন কৰা হয়। কিন্তু সংকট বা জৰুৰীকালীন সময়ত জেট ইন্ধনৰ মূল্য যিকোনো সময়তে বৃদ্ধি কৰিব পৰা যায়।
বিশেষজ্ঞসকলে কয় যে বিমান সংস্থাসমূহৰ পৰিচালনা ব্যয়ৰ সৰ্বাধিক অংশ জেট ইন্ধনেই। গতিকে জেট ইন্ধনৰ মূল্য হ্ৰাস পালে বিমান সংস্থাসমূহৰ পৰিচালনা ব্যয় যথেষ্ট হ্ৰাস পাব। বিমান সংস্থাসমূহৰ পৰিচালনা ব্যয়ৰ এই হ্ৰাসে বিমান যাত্ৰীসকলকো সকাহ দিব পাৰে।
টিএনভি ফাইনেন্সিয়েল চাৰ্ভিচেছৰ চিইঅ’ তাৰকেশ্বৰ নাথ বৈষ্ণৱে কয় যে পশ্চিম এছিয়াত উত্তেজনা লাঘৱ হোৱা আৰু হৰমুজ জলদ্বীপৰ মাজেৰে খাৰুৱা তেলৰ চলাচল পুনৰ আৰম্ভ হোৱাৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত ভয় লাঘৱ হৈছে। উত্তেজনা লাঘৱ হোৱাৰ বাবে খাৰুৱা তেলৰ মূল্যও প্ৰায় ৪০ শতাংশ হ্ৰাস পাইছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত বৰ্তমান প্ৰতি বেৰেলত খাৰুৱা তেলৰ ব্যৱসায় ৭০ৰ পৰা ৭৩ ডলাৰৰ ভিতৰত।
অনাগত দিনত ইয়াৰ মূল্য প্ৰতি বেৰেলত প্ৰায় ১০ ডলাৰ আৰু হ্ৰাস পাব পাৰে বুলি আশা কৰা হৈছে। যদি এনেকুৱা হয় তেন্তে জেট ইন্ধনৰ লগতে পেট্ৰল আৰু ডিজেলৰ দৰে অন্যান্য পেট্ৰলিয়াম সামগ্ৰীৰ মূল্যও হ্ৰাস পাব পাৰে। বৈষ্ণৱে কয় যে নায়ৰা এনাৰ্জীয়ে আজি পেট্ৰ’ল আৰু ডিজেলক সস্তা কৰি মূল্য হ্ৰাসৰ সূচনা কৰিছে। এতিয়া সকলোৰে দৃষ্টি চৰকাৰী মালিকানাধীন তেল বিপণন কোম্পানীসমূহৰ ওপৰত। সম্ভৱ যে অনাগত দিনত আই অ’ চি, বি পি চি এল, এইচ পি চি এলৰ দৰে চৰকাৰী তেল বিপণন কোম্পানীয়েও পেট্ৰ’ল আৰু ডিজেলৰ দৰে অন্যান্য পেট্ৰলিয়াম সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত ল’ব পাৰে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ