
গোৱালপাৰা, ০১ জুলাই (হি.স.)। বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশৰ পিছতেই তৎপৰ হৈছে লক্ষীপুৰ বন বিভাগ।
গোৱালপাৰা জিলাৰ জলেশ্বৰ বজাৰত লক্ষীপুৰ বন বিভাগৰ আকস্মিক অভিযান।
লক্ষীপুৰ আঞ্চলিক বন বিষয়া মৌপ্ৰাণ গায়নৰ নেতৃত্বত চলোৱা এই অভিযানত জলেশ্বৰ বজাৰৰ কেইবাখনো কাঠৰ দোকানত অভিযান চলাই বুজন পৰিমাণৰ ছিৰাই কাঠ জব্দ কৰিবলৈ সক্ষম হয়।
জব্দকৃত কাঠৰ পৰিমাণ আনুমানিক ৮০ চি.এফ.টি.হব বুলি লক্ষীপুৰ বন বিষয়া গৰাকীয়ে জানিব দিয়ে।
উল্লেখযোগ্য যে, শেহতীয়াকৈ বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাজ্যজুৰি অবৈধ কাঠ ব্যৱসায়, অবৈধ চ'মিল আৰু বন ধ্বংসৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল। সেই নিৰ্দেশ কাৰ্যকৰী কৰাৰ অংশ হিচাপেই লক্ষীপুৰ বন বিভাগে এই অভিযান তীব্ৰতৰ কৰিছে।
অবৈধ কাঠ ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ কৰাৰ লক্ষ্যৰে আগন্তুক দিনতো লক্ষীপুৰৰ বিভিন্ন প্ৰান্তত এনে অভিযান অব্যাহত থাকিব বুলি বন বিভাগে জানিবলৈ দিয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা