
নতুন দিল্লী, ০১ জুলাই (হি.স.)। ভাৰত-জাপানৰ ১৬ সংখ্যক বাৰ্ষিক সন্মিলনত অংশগ্ৰহণৰ বাবে তিনিদিনীয়া আনুষ্ঠানিক ভ্ৰমণসূচীৰে জাপানৰ প্ৰধানমন্ত্ৰী ছানাই তাকাইচিয়ে বুধবাৰে নতুন দিল্লীত উপস্থিত হয়। কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে বিমানবন্দৰত তেওঁক আদৰণি জনায়।
বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে টুইটাৰত ফটো শ্বেয়াৰ কৰি কয় যে এই ভ্ৰমণ ভাৰত আৰু জাপানৰ মাজত বিশেষ কৌশলগত আৰু বিশ্বব্যাপী অংশীদাৰিত্বক আগুৱাই নিয়াৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
প্ৰধানমন্ত্ৰী তাকাইচিক কাইলৈ বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হ’ব । ইয়াৰ পিছতে হায়দৰাবাদ হাউচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে আলোচনাত মিলিত হ’ব। আলোচনাৰ অন্তত দুয়োখন দেশৰ মাজত চুক্তিৰ আদান-প্ৰদান আৰু প্ৰেছ বিবৃতিৰ কথা । দুপৰীয়া জাপানী নেতাজনে ব্যৱসায়িক মঞ্চত অংশগ্ৰহণ কৰি পিছদিনা পুৱা ঘূৰি আহিব।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰত-জাপান বাৰ্ষিক সন্মিলনে দুয়োপক্ষকে দ্বিপাক্ষিক সহযোগিতাৰ সকলো দিশ পৰ্যালোচনা আৰু শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত মত বিনিময়ৰ সুযোগ প্ৰদান কৰিব।
লক্ষণীয় যে প্রধানমন্ত্রী তাকাইচিৰ এয়া প্রথম আনুষ্ঠানিক ভাৰত ভ্রমণ ৷ ২০২৫ চনৰ আগষ্ট মাহত টকিঅ’ত অনুষ্ঠিত প্ৰধানমন্ত্ৰী মোডীৰ ১৫ সংখ্যক ভাৰত-জাপান বাৰ্ষিক সন্মিলনৰ পিছতে এই ভ্ৰমণ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া