
নতুন দিল্লী, ০১ জুলাই (হি.স.)। পাকিস্তানৰ ফাৰুকাবাদত ১২৫ বছৰীয়া গুৰুদ্বাৰা শ্ৰী গুৰু সিং সভা চাহাব ভাঙি পেলোৱাৰ বাতৰিক ‘গভীৰভাৱে বিৰক্তিকৰ’ আৰু ‘অতি নিন্দনীয় আৰু ইচ্ছাকৃত কাম’ বুলি অভিহিত কৰি ভাৰতে বিষয়টোৰ তদন্ত আৰু দোষীক শাস্তি দিয়াৰ দাবী জনাইছে।
বুধবাৰে সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই পবিত্ৰ শিখ মন্দিৰৰ বিৰুদ্ধে হোৱা লণ্ডভণ্ড কাৰ্যক “তীব্ৰ নিন্দা” কৰিছে। স্থানীয় কৰ্তৃপক্ষ বা ইভেকিউই ট্ৰাষ্ট প্ৰপাৰ্টি ব’ৰ্ডে কোনো ধৰণৰ সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ নকৰাৰ খবৰৰ বাবেও তেওঁ “গুৰুতৰ উদ্বেগ” প্ৰকাশ কৰে।
মুখপাত্ৰগৰাকীয়ে কয় যে, দুৰ্ভাগ্যজনকভাৱে এইটো কোনো বিচ্ছিন্ন কাণ্ড নহয়, কিয়নো আমি পূৰ্বেও একেধৰণৰ প্ৰতিবেদন দেখিছো। পাকিস্তানত ধৰ্মীয় সংখ্যালঘু আৰু তেওঁলোকৰ উপাসনা স্থানসমূহক অহৰহ লক্ষ্য কৰি লোৱা হৈছে।
মুখপাত্ৰগৰাকীয়ে কয় যে, আমি পাকিস্তান চৰকাৰক এই বিষয়টো অতি সোনকালে তদন্ত কৰি এই জঘন্য কাণ্ড সংঘটিত কৰাসকলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছো। গুৰদ্বাৰা চাহাবৰ ক্ষতিগ্ৰস্ত অংশসমূহ অতি সোনকালে মেৰামতি আৰু পুনৰ নিৰ্মাণ কৰিব লাগে। তদুপৰি পাকিস্তান চৰকাৰে নিজৰ সংখ্যালঘু জনগোষ্ঠী আৰু তেওঁলোকৰ পূজাৰ স্থানসমূহৰ সুৰক্ষা আৰু মংগল আৰু সম্পূৰ্ণভাৱে সুনিশ্চিত কৰাৰ দায়িত্ব পালন কৰিব লাগে। পাকিস্তানত প্ৰচলিত সাম্প্ৰদায়িক হিংসা আৰু ধৰ্মীয় অসহিষ্ণুতাৰ পৰিৱেশ দূৰ কৰা উচিত।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া