
–শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য, চ্যু-কা-ফা মাল্টি-স্পেচিয়েলিটি চিকিৎসালয়, শিৱসাগৰ অসামৰিক চিকিৎসালয় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্যসেৱাৰ মানদণ্ডৰ বিস্তৃত পৰ্যালোচনা
শিৱসাগৰ, ০১ জুলাই (হি.স.)। ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী অশোক সিংহলে বুধবাৰে উজনি অসমৰ শিৱসাগৰ আৰু যোৰহাট জিলাত একাধিক স্বাস্থ্য প্ৰতিষ্ঠান পৰিদৰ্শন কৰি স্বাস্থ্যসেৱাৰ গুণগত মান, আন্তঃগাঁথনি উন্নয়ন আৰু চলি থকা প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বিস্তৃত পৰ্যালোচনা কৰে। এই পৰিদৰ্শন ‘স্বাস্থ্যৱান অসম’ গঢ়ি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে বিবেচিত হৈছে।
দিনটোৰ আৰম্ভণিতে মন্ত্ৰীগৰাকীয়ে শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতি পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ গতি, গুণগত মান আৰু নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ ওপৰত সংশ্লিষ্ট বিষয়াসকলক বিশেষ গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ দিয়ে।
ইয়াৰ পিছতে তেওঁ শিৱসাগৰ জিলাৰ ৰাজাবাৰীত অৱস্থিত চ্যু-কা-ফা মাল্টি-স্পেচিয়েলিটি চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ আধুনিক স্বাস্থ্যসেৱা ব্যৱস্থাৰ বুজ লয়। পৰিদৰ্শনৰ অন্তত মন্ত্ৰী সিংহলে কয় যে এই ছুপাৰ-স্পেচিয়েলিটি চিকিৎসালয়খনে কেৱল শিৱসাগৰ জিলাই নহয়, সমগ্ৰ উজনি অসমৰ বাবে এক নিৰ্ভৰযোগ্য আৰু অত্যাধুনিক স্বাস্থ্যসেৱাৰ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে।
ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে শিৱসাগৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ বিভিন্ন বিভাগ, উপলব্ধ স্বাস্থ্যসেৱা আৰু আন্তঃগাঁথনিৰ বুজ লয়। পৰৱৰ্তী পৰ্যালোচনা বৈঠকত জিলা স্বাস্থ্যসেৱাৰ গুৰুত্বপূৰ্ণ সূচক, চিকিৎসা সেৱা প্ৰদান ব্যৱস্থা আৰু চলি থকা উন্নয়নমূলক পদক্ষেপসমূহৰ বিস্তৃত মূল্যায়ন কৰা হয়।
মন্ত্ৰী সিংহলে চিকিৎসা সেৱাৰ গুণগত মান অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ হাৰ শূন্যলৈ নমাই আনিবলৈ অধিক ফলপ্ৰসূ কৌশল গ্ৰহণৰ আহ্বান জনায়। লগতে চিকিৎসালয়সমূহত ব্যৱহৃত চিকিৎসা সঁজুলিসমূহ নিয়মীয়াকৈ কেলিব্ৰেচন (Calibration) কৰি সঠিক কাৰ্যক্ষমতা নিশ্চিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে।
পৰৱৰ্তী সময়ত মন্ত্ৰীগৰাকীয়ে ঢেকীয়াখোৱা বৰ নামঘৰত উপস্থিত হয়। ইয়াৰ পাছতে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত বিস্তৃত পৰিদৰ্শন আৰু পৰ্যালোচনা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তেওঁ বহিঃ বিভাগকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগ পৰিদৰ্শন কৰাৰ লগতে চিকিৎসাধীন ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰি চিকিৎসা সেৱা সম্পৰ্কে মতামত গ্ৰহণ কৰে।
ইয়াৰোপৰি চিকিৎসালয়খনৰ বিভাগীয় মুৰব্বী, জ্যেষ্ঠ চিকিৎসক আৰু প্ৰশাসনিক বিষয়াসকলৰ সৈতে অনুষ্ঠিত পৰ্যালোচনা বৈঠকত চিকিৎসা সেৱাৰ মানদণ্ড, চিকিৎসা শিক্ষা, আন্তঃগাঁথনি উন্নয়ন আৰু ৰোগীক অধিক উন্নত সেৱা আগবঢ়োৱাৰ বিভিন্ন বিষয়ত বিস্তৃত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে স্বাস্থ্যসেৱাক অধিক দক্ষ, আধুনিক আৰু জনমুখী কৰি তুলিবলৈ প্রয়োজনীয় পৰামৰ্শ আগবঢ়ায়।
দিনজোৰা এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ সৈতে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, টিয়ক সমষ্টিৰ বিধায়ক বিকাশ শইকীয়া, যোৰহাট জিলা আয়ুক্ত জয় শিৱানী, আয়ুক্ত-সচিব পি. অশোক বাবু, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী, স্বাস্থ্য সেৱা সঞ্চালক কমলজিত তালুকদাৰকে ধৰি চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ চিকিৎসক আৰু বিষয়াসকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী