
গুৱাহাটী, ০১ জুলাই (হি.স.)। মহাত্মা গান্ধী নেচনেল ৰুৰেল এমপ্লইমেন্ট গেৰান্টি স্কিম চমুকৈ এমজিএনৰেগাৰ নতুন নাম বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান চমুকৈ ভিবি জি-ৰাম-জি প্রণয়ণ কৰাৰ পিছত কেন্দ্ৰীয় চৰকাৰে উক্ত আঁচনিৰ সৰ্বভাৰতীয় স্তৰত ১ জুলাইৰ পৰা প্ৰণয়নৰ বাবে ৯৫,৬৯২.৩১ কোটি টকা মুকলি কৰি দিছে। উক্ত আঁচনিৰ বাবে অসমে কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰিব ১৯২৯.৭০ কোটি টকা। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে এই আঁচনিৰ জৰিয়তে প্ৰতিটো বৰ্ষৰ বাবে প্ৰতিটো পঞ্চায়তে ১ কোটি টকা প্ৰদানৰ জৰিয়তে পঞ্চায়তৰ অধীনষ্ঠ আন্তঃগাথনি আৰু নিয়োগ নিশ্চিতকৰণ যাতে সুনিশ্চিত কৰিব পাৰে সেই লক্ষ্য ৰাজ্য চৰকাৰে নিৰ্দ্ধাৰণ কৰিছে।
সেইবাবে কেন্দ্ৰীয় চৰকাৰৰ ধনৰ উপৰিও ৰাজ্য চৰকাৰে ভিবি জি-ৰাম-জিৰ বাবে ২,০০০ কোটি টকাৰ আৱন্টন দিব। ভিবি জি-ৰাম-জিৰ অধীনত নিয়োগ লাভ কৰা প্ৰতিগৰাকী শ্রমিকক ১২৫ দিনৰ বাবে দৈনিক ৩০০ টকাকৈ মজুৰী আগবঢ়াব।
নতুন ভিবি জি-ৰাম-জিৰ মুখ্য উদ্দেশ্য হৈছে ২০৪৭ চনত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ'বৰ বাবে গ্রাম্য ক্ষেত্ৰৰ বিকাশ সাধন কৰা। লগতে দক্ষতাৰ প্ৰয়োজন নোহোৱা কামৰ বাবে নিশ্চিত নিয়োগ, স্থানীয় পৰিকল্পনা, কৃষি আৰু শ্ৰমিকৰ সুৰক্ষাৰ ভাৰসাম্য ৰক্ষা কৰি গ্ৰাম্য উন্নয়ন, নিয়োগ সৃষ্টি আৰু গ্রাম্য বাসিন্দাৰ জীৱিকাৰ মান উন্নত কৰা যাতে গ্রাম্য অৰ্থনীতিৰ ৰূপান্তৰ কৰিব পাৰি। পূৰ্বৰ এমজিএনৰেগাৰ ১০০ দিনৰ নিশ্চিত নিয়োগ নতুন ভিবি জি-ৰাম-জি ২৫ শতাংশ বৃদ্ধি কৰি ১২৫ দিন কৰা হৈছে। কৃষকে পথাৰত শস্য সিঁচা আৰু শস্য চপোৱাৰ সময়ত ভিবি জি-ৰাম-জি আঁচনিৰ অধীনত কোনো লোককে নিয়োগ কৰিব নোৱাৰিব। শস্য সিঁচা আৰু চপোৱাৰ সময়সীমা ৬০ দিন নিৰ্দ্ধাৰণ কৰা হৈছে।
ইয়াৰ প্ৰধান কাৰণ হৈছে যাতে পথাৰত শস্য সিঁচা বা চপোৱাৰ সময়ত মানুহৰ অভাৱ নহয় লগতে কৃষক সকলেও যাতে ভিবি জি-ৰাম-জিৰ জৰিয়তে নিয়োগ পাব পাৰে। পূৰ্বৰ এমজিএনৰেগাত নিয়োগ সৃষ্টিৰ বাবে যি ধন খৰছ হ'ব সেয়া ১০০ শতাংশ কেন্দ্ৰীয় চৰকাৰে বহন কৰিছিল কিন্তু নতুন ভিবি জি-ৰাম-জিত ৬০ শতাংশ কেন্দ্রই আৰু ৪০ শতাংশ খৰচ ৰাজ্য চৰকাৰে বহন কৰিব লাগিব। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্য, জম্মু কাশ্মীৰ আৰু হিমালয়ৰ পাদদেশৰ ৰাজ্য উত্তৰাখণ্ড, হিমাচল প্ৰদেশৰ ক্ষেত্ৰত ভিবি জি-ৰাম-জিৰ ধন আৱন্টনৰ অনুপাত হ'ব ৯০:১০ অর্থাৎ ৯০ শতাংশ কেন্দ্ৰই আৰু ৰাজ্যসমূহে বহন কৰিব লাগিব ১০ শতাংশ।
বিজেপি মুখপাত্র ড০ দেৱজিৎ মহন্তই কয় যে ২০০৬ চনৰ পৰা ২০১৪ চনলৈকে কংগ্ৰেছ চৰকাৰৰ সময়ত এমজিএনৰেগাৰ বাবে আৱন্টিত ধনৰ পৰিমাণ আছিল ২,১৩,২২০ কোটি টকা। কিন্তু প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে এটা বৰ্ষৰ বাবেই ভিবি জি-ৰাম-জিৰ বাবে ধনৰ আৱন্টন দিছে ৯৫,৬৯১.৭০ কোটি টকা। ভিবি জি-ৰাম-জিৰ আন এক ইতিবাচক দিশৰ উল্লেখ কৰি মুখপাত্র ড০ মহন্তই কয় যে নতুন নিয়মৰ অধীনত ভিবি জি-ৰাম-জিৰ আৱন্টিত ধনৰ হিচাপ পৰীক্ষণ আৰু আধুনিক প্রযুক্তিৰ সহায়ত কামৰ নিৰীক্ষণ কৰা হ'ব।
পৰীক্ষণ আৰু নিৰীক্ষণৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতিনিধিক লৈ গঠন কৰা হ'ব তদর্থ কমিটি। তদর্থ কমিটিয়ে সাপ্তাহিকভাৱে ৰাজহুৱাকৈ প্ৰকাশ কৰিব লাগিব কামৰ উন্নয়নৰ খতিয়ান। ভিবি জি-ৰাম-জিৰ কামৰ সম্পূৰ্ণ পৰীক্ষণ-নিৰীক্ষণৰ বাবে মবাইলত জিপিএছ প্রযুক্তিৰে লগতে ব্যৱহাৰ হ'ব কৃত্রিম বুদ্ধিমত্তা। মুখপাত্র ড০ মহন্তই কয় যে কংগ্ৰেছ চৰকাৰৰ সময়ত এমজিএনৰেগাৰ ধনৰ অপব্যৱহাৰৰ কথা হয়তো কোনেও অস্বীকাৰ নকৰে।
কিন্তু নতুনকৈ প্ৰৱৰ্তন কৰা ভিবি-জি ৰাম জিয়ে ধনৰ অপব্যৱহাৰ বন্ধ কৰাৰ লগতে ভিবি জি-ৰাম-জিয়ে স্থানীয় পৰিকল্পনা সন্নিবিষ্ট কৰি নিয়োগ নিশ্চয়তা বৃদ্ধি কৰিব, কৃষি উৎপাদনশীলতাৰ সৈতে শ্ৰমিকৰ সুৰক্ষাৰ ভাৰসাম্য ৰক্ষা কৰিব আৰু পৰিক্ষণ-নিৰীক্ষণ প্ৰণালীৰ আধুনিকীকৰণৰ জৰিয়তে বিকশিত অসম বা বিকশিত ভাৰতৰ গ্ৰাম্য আন্তঃগাথনিৰ উন্নয়ন জৰিয়তে গ্রাম্য বাসিন্দাৰ জীৱন আৰু জীৱিকাৰ মান উন্নত কৰিব।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী