ৰোগীৰ বিশ্বাসক সন্মান জনাই তেজপুৰত ব্যতিক্ৰমী ৰূপত এগৰাকী কৃতীমান নিউৰো চাৰ্জনৰ ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন
–নিউৰো চাৰ্জাৰী বিভাগত উত্তৰ পূবৰ ভিতৰত বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ ডিগ্ৰী এম চি এইচ পৰীক্ষাত স্বৰ্ণপদক লাভ কৰা তেজপুৰৰ সন্তান ডা০ আংগিৰস ভট্টাচাৰ্য্যৰ দৃষ্টান্তমূলক পদক্ষেপ –১৭৩ গৰাকী নিউৰো ৰোগীক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান –চিকিৎসকৰ মাজত নহয় ৰোগীৰ
ডা০ অংগিৰস ভট্টাচাৰ্য্য –ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন


ডা০ অংগিৰস ভট্টাচাৰ্য্য –ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন


ডা০ অংগিৰস ভট্টাচাৰ্য্য –ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন


ডা০ অংগিৰস ভট্টাচাৰ্য্য –ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন


ডা০ অংগিৰস ভট্টাচাৰ্য্য –ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন


ডা০ অংগিৰস ভট্টাচাৰ্য্য –ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন


ডা০ অংগিৰস ভট্টাচাৰ্য্য –ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন


ডা০ অংগিৰস ভট্টাচাৰ্য্য –ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন


–নিউৰো চাৰ্জাৰী বিভাগত উত্তৰ পূবৰ ভিতৰত বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ ডিগ্ৰী এম চি এইচ পৰীক্ষাত স্বৰ্ণপদক লাভ কৰা তেজপুৰৰ সন্তান ডা০ আংগিৰস ভট্টাচাৰ্য্যৰ দৃষ্টান্তমূলক পদক্ষেপ –১৭৩ গৰাকী নিউৰো ৰোগীক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান –চিকিৎসকৰ মাজত নহয় ৰোগীৰ মাজত চিকিৎসক দিৱস পালন –নিউৰো চাৰ্জাৰী মানে কেৱল ব্ৰেইন টিউমাৰ অস্ত্ৰোপচাৰ নহয় --ডা০ অংগিৰস ভট্টাচাৰ্য্য –মানুহৰ সজাগতা আৰু সচেতনতাৰ অভাৱত ক্ৰমশঃ বৃদ্ধি পাইছে নিউৰো ৰোগী

শেণিতপুৰ, ০১ জুলাই (হি স)। যিকোনো ৰোগীৰে নিজৰ ৰোগ উপশম কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰা চিকিৎসক সকলৰ প্ৰতি থাকে অগাধ বিশ্বাস । ৰোগীৰ চিকিৎসকৰ প্ৰতি থকা সেই বিশ্বাসক সন্মান জনাই চিকিৎসকৰ অংশ গ্ৰহণৰ সলনি ৰোগীৰ অংশ গ্ৰহণেৰে তেজপুৰত আজি যুৱ প্ৰজন্মৰ কৃতীমান চিকিৎসক এগৰাকীৰ তৎপৰতাত দৃষ্টান্তমূলকভাৱে উদযাপিত হ'ল ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ এক ব্যতিক্ৰমী কাৰ্যসূচী ।

প্ৰাত:স্মৰণীয় চিকিৎসক ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্ম আৰু মৃত্যুৰ আজিৰ দিনটোত দেশজুৰি চিকিৎসক সকলৰ মাজত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপিত হোৱাৰ মাজতে তেজপুৰৰ নৱপ্ৰজন্মৰ এগৰাকী কৃতীমান নিউৰো চাৰ্জন ডা০ অংগিৰস ভট্টাচাৰ্য্যই আজি ব্যতিক্ৰমী ৰূপত উদযাপন কৰা ৰাষ্ট্ৰীয় চিকিৎসক দিৱসে তেজপুৰৰ সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হয় ।

উল্লেখ্য যে তেজপুৰৰ সন্তান ডা০ অংগিৰস ভট্টাচাৰ্য্যই চলিত বৰ্ষৰ প্ৰথমটো মাহতেই শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধিনস্থ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা নিউৰো চাৰ্জাৰী বিভাগত উত্তৰ পূবৰ ভিতৰত বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ ডিগ্ৰী এম চি এইচ পৰীক্ষাত স্বৰ্ণপদক লাভ কৰিবলৈ সক্ষম হৈছিল ।ফল লাভ পোৱাৰ পূৰ্বৰে পৰা দেশৰ বহুকেইখন আগশাৰীৰ চিকিৎসালয়ৰ পৰা ঈৰ্ষণীয় তথা লোভনীয় ধনৰাশিৰ সুযোগৰ অফাৰ অহাত তাক প্ৰত্যাখ্যান কৰি অসমতে থাকি চিকিৎসা সেৱা আগবঢ়াই যোৱাৰ কথা চিন্তা কৰা যুৱ চিকিৎসক ডাঃ ভট্টাচাৰ্য্য কিছুদিনৰ পূৰ্বে তেজপুৰৰ নেমকেয়াৰ হাস্পতালত যোগদান কৰাৰ পিছত নিউৰো ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত কিছু সজাগতাৰে বিশেষ চিকিৎসা শিবিৰ আয়োজন কৰি অহা ডা০ ভট্টাচাৰ্য্যই আজি চিকিৎসক দিৱসৰ দিনটোত পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ ১৭৩ গৰাকী ৰোগীক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰে।

উল্লেখ্য যে আজি চিকিৎসক দিৱস উপলক্ষে পুৱাই যুৱ চিকিৎসক ডাঃ ভট্টাচাৰ্য্যই তেজপুৰ নেমকেয়াৰ হাস্পতালৰ নাৰ্ছ আৰু স্বাস্থ্য কৰ্মীসকলক একোখনকৈ শুভেচ্ছা পত্ৰৰে উদ্বুদ্ধ কৰাৰ পিছত চিকিৎসালয়খনত ৰোগী আৰু স্বাস্থ্যকৰ্মী সকলৰ উপস্থিতিত এখন সজাগতা সভাত অংশ গ্ৰহণ কৰে । চিকিৎসালয়খনৰ সঞ্চালক সত্যপ্ৰাণ ডেকা, মিডিয়া উপদেষ্টা দ্বিপ কুমাৰ কলিতাৰ লগতে শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰৰ কাৰ্যকৰী সভাপতি পংকজ বৰুৱাই আজি চিকিৎসক দিৱস উপলক্ষে ডা০ ভট্টাচাৰ্য্যৰ এই প্ৰয়াসৰ শলাগ লৈ চমু ভাষণ আগবঢ়োৱা অনুষ্ঠানটিত কৃতীমান নিউৰো চাৰ্জন ডা০ অংগিৰস ভট্টাচাৰ্য্যই চিকিৎসকৰ মাজত নহয় ৰোগীৰ মাজতহে চিকিৎসক দিৱস উদযাপন কৰাৰ সিদ্ধান্তৰ আৰঁত থকা দিশৰ কথা সদৰি কৰি নিউৰো চাৰ্জন মানে কেৱল ব্ৰেইন টিউমাৰ অপাৰেচন কৰা চিকিৎসকেই যে কেৱল নহয় তাক সবিশেষ আলোকপাত কৰে ।

নিউৰোল'জিকেল আৰু নিউৰো চাৰ্জিকেল দুয়োটা সুকীয়া বিষয় আৰু চিকিৎসাও সুকীয়া বুলি মন্তব্য কৰি ডা০ ভট্টাচাৰ্য্যই এগৰাকী লোকৰ মস্তিষ্ক আৰু ৰাজহাড়ৰ ৰোগৰ চিকিৎসাৰ বাবে পূৰ্বে ৰোগী সকলে নিজৰ ঠাইৰ বাহিৰলৈ যাব লগা পৰিস্থিতিৰ সৃষ্টি হৈছিল যদিও সম্প্ৰতি সেৱা তেজপুৰতে সকলো ৰোগীৰ বাবে সুলভ কৰি তোলাৰ মানসেৰে সচেতনতা বৃদ্ধিৰ বাবেই এইবাৰ চিকিৎসক দিৱসটো এনেদৰে উদযাপন কৰি ৰোগী সকলে চিকিৎসকক কৰাৰ বিশ্বাসৰ সন্মান আৰু সমাজখনে চিকিৎসকক কৰা মৰমৰ বিনিময়তেই এনেদৰে বিনামূলীয়াকৈ চিকিৎসা সেৱা কৰাৰ প্ৰয়াস কৰা হৈছে বুলি মন্তব্য কৰে ।

উল্লেখ্য যে ৰোগীৰ বিশ্বাসক চিকিৎসক দিৱস হিচাপে উদযাপন কৰা ডা০ অংগিৰস ভট্টাচাৰ্য্যই আজিৰ দিনটোলৈকে পঞ্জীয়ন হোৱা ১৭৩ গৰাকী ৰোগীৰ ৰোগ বিনামূলীয়াকৈ পৰীক্ষা কৰি থকাৰ মাজতে সাংবাদিকৰ আগত নিউৰো ৰোগৰ সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় -জনসচেতনতাৰ অভাৱৰ বাবেই ক্ৰমশঃ নিউৰো ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে বুলি কয় ।এগৰাকী লোকৰ শৰীৰৰ যিকোনো অংগত অনুভৱ হোৱা বিষ সাধাৰণ গেছৰ বাবে হোৱা বিষ বুলি গণ্য কৰি সহজেই বিষৰ বড়িৰে বিষ উপশম কৰাৰ পিছত পৰৱৰ্তী সময়ত হাতৰ মুঠিও মাৰিব নোৱাৰা অৱস্থাত চিকিৎসকৰ ওচৰলৈ আহিলে সেই চিকিৎসা ব্যয়বহুলেই নহয় কিছু ক্ষেত্ৰত সমস্যাৰো উদ্ভৱ হয় বুলি মন্তব্য কৰে ।

উল্লেখ্য যে আজিৰ এই অনুষ্ঠানটিতে বিভিন্ন ঔষধ কোম্পানীৰ স্হানীয় এজেন্সীৰ প্ৰতিনিধি সকলে কৃতীমান যুৱ চিকিৎসক ডাঃ অংগিৰস ভট্টাচাৰ্য্যক গামোচা, ফুলৰ টোৰা, ফুলাম জাপি, শৰাই, স্মাৰক আদিৰে বিশেষভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande