নগাঁৱত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন
নগাঁও, ০১ জুলাই (হি.স.)।নগাঁৱত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন। নগাঁৱত চিকিৎসক সন্থাই দিনজোৰা কাৰ্য্যসূচীৰে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন কৰে।প্ৰখ্যাত চিকিৎসক ডা: বিধান চন্দ্ৰ ৰয়ৰ স্মৃতিত দেশজুৰি এইচিকিৎস দিৱস উদযাপন কৰা হয়। দিনযোৰা কাৰ্য্যসূচীৰে
নগাঁৱত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন


নগাঁও, ০১ জুলাই (হি.স.)।নগাঁৱত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন।

নগাঁৱত চিকিৎসক সন্থাই দিনজোৰা কাৰ্য্যসূচীৰে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন কৰে।প্ৰখ্যাত চিকিৎসক ডা: বিধান চন্দ্ৰ ৰয়ৰ স্মৃতিত দেশজুৰি এইচিকিৎস দিৱস উদযাপন কৰা হয়। দিনযোৰা কাৰ্য্যসূচীৰে পালন কৰা অনুষ্ঠানটিত পুৱা ৰক্তদান শিবিৰ অনুষ্ঠিত কৰে । ৰক্তদান শিবিৰত চিকিৎসক সকলৰ সমান্তৰালকৈ নগাঁৱৰ আৰক্ষী বিষয়া সকলে ৰক্তদান কৰে। অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে উপস্থিত থাকি নগাঁও জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে ৰক্তদান শিবিৰ মুকলি কৰে। ইয়াৰ পাছতেই নিশালৈ বিভিন্ন পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা লগতে এখনি মুকলি সভা আৰু সংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande