
–চিকিৎসকসকল হৈছে প্ৰজ্ঞাৰ সাধক - ড° বসন্তকুমাৰ গোস্বামী
– অসম সাহিত্য সভাই চিকিৎসকৰ প্ৰতি যি সন্মান দিছে ভাৰতত কোনো এটা অনুষ্ঠানে এনে সন্মান আজিলৈ দিয়া নাই- ডাঃ নোমল চন্দ্ৰ বৰা
শোণিতপুৰ, ০১ জুলাই (হি.স.)। ঔষধ নোখোৱাকৈ সফল জীৱন-যাপন কৰাটোৱেই ডাক্তৰ এজনৰ সফলতা। চিকিৎসকল হৈছে প্ৰজ্ঞাৰ সাধক । বিজ্ঞানৰ জয়যাত্রা সম্পর্কে ব্যাখ্যা আগবঢ়ায় তেখেতে পুৰণিকলীয়া ঋষি-মুনিৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ কৃত্ৰিম বুদ্ধিমত্তালৈ বহু কথা কয় । লগতে কৃত্রিম বুদ্ধিমত্তাৰ সম্পৰ্কে অতি সোনকালে অসম সাহিত্য সভাই ৰাইজৰ মাজলৈ লৈ যাব বুলিও উল্লেখ কৰে । বিশ্বকোষ গ্রন্থখন অসমীয়াত লিখি উলিওৱাৰ বাবে নোমল চন্দ্ৰ বৰাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।-আজি অসম সাহিত্য সভাৰ গুৱাহাটীৰ ভগৱতীপ্রসাদ বৰুৱা ভৱনৰ সংগীতাচাৰ্য্য লক্ষ্মীৰাম বৰুৱা সদনত অসম সাহিত্য সভাৰ উদ্যোগত আৰু তথ্য প্রযুক্তি উপসমিতিৰ সহযোগত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে আয়োজিত চিকিৎসক-প্রণামত সভাপতিৰ আসন গ্রহণ কৰি এই মন্তব্য কৰে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীয়ে।
গণেশগুৰি শাখা সাহিত্য সভাৰ শিল্পীসকলে পৰিৱেশন কৰা চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত বিশিষ্ট স্নায়ু ৰোগ বিশেষজ্ঞ ডাঃ নোমল চন্দ্ৰ বৰাই 'আধুনিক সমাজ নির্মিতিত চিকিৎসকৰ ভূমিকা' বিষয়ত এক স্মাৰক বক্তৃতা প্রদান কৰি কয় যে-অসম সাহিত্য সভাই চিকিৎসকৰ প্ৰতি যি সন্মান দিছে ভাৰতত কোনো এটা অনুষ্ঠানে এনে সন্মান আজিলৈ দিয়া নাই। যদি সমাজৰ যিকোনো কামৰ কথা ক'বলৈ কোৱা যোৱা, তেতিয়া কিন্তু এগৰাকী চিকিৎসকৰ নাম অনায়াসে আহে। অসম সাহিত্য সভাৰ স্বীকৃতি মানে অসমীয়াৰ স্বীকৃতি। ই এটা ডাঙৰ সন্মান। চিকিৎসক অবিহনে কোনো এটা সভ্যতা তিষ্ঠি থাকিব নোৱাৰে । চিকিৎসকৰ কাৰণে ৰোগীসকল একো একোখন কিতাপ। ডাক্তৰসকল মানৱপ্রেমী হ'ব লাগে । ৰাইজৰ স্বাৰ্থত সকলো চিকিৎসালয়ত একেটা দামে যেন উপলব্ধ হয় তাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে।
অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই উদ্দেশ্যৰ কথকতা প্ৰসংগত-আজিৰ চিকিৎসক-প্রণাম অনুষ্ঠানৰ জৰিয়তে অসম সাহিত্য সভাই চিকিৎসকসকলৰ নিঃস্বার্থ মানৱসেৱাৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। চিকিৎসকসকলে ৰোগীৰ জীৱন সুৰক্ষিত কৰাৰ বিপৰীতে আমাৰ সমাজেও চিকিৎসকলক সুৰক্ষিত কৰিব লাগিব ভাষণ প্রসংগত উল্লেখ কৰে। ৰাষ্ট্ৰীয় চিকিৎসক দিৱসটি অসম সাহিত্য সভাই আজি পোন প্রথমবাৰৰ পালন কৰিছে। চিকিৎসকসকলক সমাজৰ ৰক্ষক বুলি গণ্য কৰা হয়। বিভিন্ন জটিল সময়ত চিকিৎসকসকলে নিজৰ জীৱন বিপন্ন কৰিও মানৱ সেৱাত যি অৱদান আগবঢ়াইছে, সেয়া সদায় চিৰস্মৰণীয়।
আজিৰ অনুষ্ঠানত অসম সাহিত্য সভা আৰু জিলা সাহিত্য সভাই নির্বাচন কৰি দিয়া ৩৭ গৰাকী চিকিৎসক মানৱদৰদী সন্মান প্রদান কৰে। চিকিৎসকসকল হ'ল ক্রমে- দৰঙৰ ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ, তিনিচুকীয়াৰ ডাঃ ভবেন তালুকদাৰ, নগাঁৱৰ ডাঃ চিন্তামণি হাজৰিকা, ওদালগুৰিৰ ডাঃ জয়ন্ত কুমাৰ ডেকা, গোলাঘাটৰ ডাঃ কুমুদ কুমাৰ দত্ত, চৰাইদেউৰ ডাঃ পল্লৱ মহন্ত, শিৱসাগৰৰ ডাঃ প্রবুদ্ধ প্রসাদ চেতিয়া, কাৰবি আংলঙৰ ডাঃ নিগমানন্দ মাইথাৰ, হোজাইৰ ডাঃ শামছুল হক, হাইলাকান্দিৰ ডাঃ নীলাংক ঘোষ, মৰিগাঁৱৰ ডাঃ অমৰজ্যোতি ডেকা, মাজুলীৰ ডাঃ নীলকান্ত পেণ্ড, গোৱালপাৰাৰ ডাঃ নাট্যবীৰ দাস, শ্রীভূমিৰ ডাঃ মানস দাস, ডিব্ৰুগড়ৰ ডাঃ অতুল বৰগোহাঁই, কামৰূপ মহানগৰৰ ডাঃ নৰেন্দ্ৰ নাথ বৰ্মন, কোকৰাঝাৰৰ ডাঃ জুনেকাৰ আলি, ধুবুৰীৰ ডাঃ কানু লাল দাস, যোৰহাটৰ ডাঃ চন্দ্ৰ বৰা, বঙাইগাঁৱৰ ডাঃ ভাস্কৰ ভূষণ মেধি, শোণিতপুৰৰ ডাঃ দুর্লভ চন্দ্ৰ শইকীয়া, নলবাৰীৰ ডাঃ বাবুল কুমাৰ বেজৱৰুৱা, লক্ষীমপুৰৰ ডাঃ অতুল চন্দ্ৰ খাওন্দ, চিৰাঙৰ ডাঃ কুমুদ শৰ্মা, বাক্ক্সাৰ ডাঃ ভগেশ্বৰ বড়ো, ধেমাজিৰ ডাঃ যোগেন দাস, বিশ্বনাথৰ ডাঃ চন্দ্ৰ দাস, কামৰূপ মহানগৰৰ ডাঃ অৰুণা দেৱী, কাছাৰৰ ডাঃ স্মৃতি ৰূপা বড়া দত্ত, কামৰূপ মহানগৰৰ ডাঃ অনুপ কুমাৰ বৰ্মন, কামৰূপ মহানগৰৰ ডাঃ ৰুবী কটকী, কামৰূপ মহানগৰৰ ডাঃ মৃদুপৱন শইকীয়া, বৰপেটাৰ ডাঃ ৰজনীকান্ত ডেকা, ডিমাহাচাওৰ ডাঃ নীলোৎপল শর্মা, কামৰূপ মহানগৰৰ ডাঃ জয়শংকৰ দাস, কামৰূপৰ ডাঃ খবিৰুদ্দিন আহমেদ আৰু কামৰূপ মহানগৰৰ ডাঃ শিখা শর্মা।
চিকিৎসক প্রণাম অনুষ্ঠানৰ লগত সংগতি ৰাখি সভাই প্রকাশ কৰা 'মানৱদৰদী' শীর্ষক গ্রন্থ উন্মোচন কৰে সভাৰ উপসভাপতি পদুম ৰাজখোৱাই। আজিৰ অনুষ্ঠানতে অসম সাহিত্য সভাই পুনৰ মুদ্ৰণ কৰা ডাঃ মথুৰানাথ ভট্টাচাৰ্য্যৰ 'চিকিৎসা বিজ্ঞানৰ ইতিহাস' গ্রন্থখন উন্মোচন কৰে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ডাঃ অনুপ কুমাৰ বৰ্মনে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ